দুৰ্গ ভাঙিছে কংগ্ৰেছৰঃ তিনি শতাধিক সংখ্যালঘু কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

0
77
দুৰ্গ ভাঙিছে কংগ্ৰেছৰঃ তিনি শতাধিক সংখ্যালঘু কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

দুৰ্গ ভাঙিছে কংগ্ৰেছৰ। নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ কাছিমপুৰত কংগ্ৰেছত গৰা খহনীয়া।তিনি শতাধিক সংখ্যালঘু কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান।

৬১ নং ধৰ্মপুৰ সমষ্টিৰ ৩৯ নং পূব নতুন দেহৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছিমপুৰ বজাৰ গৃহত বিজেপিৰ এখন সাংগঠনিক সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।বিজেপিৰ মধুপুৰ মণ্ডলৰ সম্পাদক নজৰুল ইছলামে আঁত ধৰা বৃহত্তৰ পূব নতুন দেহৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় তিনি শতাধিক সংখ্যালঘু কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ কৰ্মীয়ে ধৰ্মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা উদ্যোগ, বাণিজ্য তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত দলীয় প্ৰতীক সম্বলিত গেৰুৱা মাফলা পিন্ধাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

আজি অনুষ্ঠিত সাংগঠনিক সভা খনত উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেঁওৰ ভাষণত কয় যে, “ধৰ্মপুৰ সমষ্টিৰ প্ৰতিজন ভোটাৰ আমাৰ হাইকামাণ্ড । আমাৰ চৰকাৰৰ এই সময়চোৱাত উন্নয়নৰ কাম দেখি আমাৰ দলৰ প্ৰতি মৰম উপজি আজি কাছিমপুৰত তিনি শতাধিক কংগ্ৰেছ আৰু আন দলৰ কৰ্মীয়ে আমাৰ দলত যোগদান কৰিলে । ধৰ্মপুৰৰ উন্নয়ণে আমাক পুনৰ দিছপুৰলৈ প্ৰেৰণ কৰিব।”

আৰু পঢ়ক : ৯ ডিগ্ৰী চেলচিয়াচত দৃশ্যগ্ৰহণ কৰিবলৈ গৈ অঘটন, গুৰু ৰন্ধাৱাৰ নাকেৰে বৈ আহিল তেজ