নেতাৰ সমানে কৰ্মীৰো যুদ্ধ, কংগ্ৰেছ কৰ্মীয়ে মনে মনে খাপ পিটি বাটতে বিজেপি কৰ্মীক মাৰপিট কৰাৰ অভিযোগ

0
252
নেতাৰ সমানে কৰ্মীৰো যুদ্ধ, কংগ্ৰেছ কৰ্মীয়ে মনে মনে খাপ পিটি বাটতে বিজেপি কৰ্মীক মাৰপিট কৰাৰ অভিযোগ

নেতাৰ সমানে কৰ্মীৰো যুদ্ধ, কংগ্ৰেছ কৰ্মীয়ে মনে মনে খাপ পিটি বাটতে বিজেপি কৰ্মীক মাৰপিট কৰাৰ অভিযোগ। নগাঁও জিলাৰ চামগুৰিৰ কনুৱামাৰিত এই অভিযোগ এগৰাকী আহত বিজেপি কৰ্মীৰ।

জিলা খনত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত নিৰ্বাচন কেন্দ্ৰীক সংঘৰ্ষৰ এই দৃশ্যই এতিয়া অন্য কৰ্মী সকলৰ মাজতো সংঘাতে দেখা দিয়াৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে।

কনুৱামাৰিৰ ঘাটপাৰত বিজেপি কৰ্মী আহাদুৰ ৰহমানক বাটতে আগভেটি ধৰি উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ। অভিযোগ অনুসৰি অভিযুক্ত কংগ্ৰেছ কৰ্মী ছাইফুল ইছলামে পূৰ্বৰে পৰাই খাপ পিটি ৰৈ আছিল নিৰ্জন ঠাইত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি প্ৰথমতে দুয়োৰে মাজত দলীয় কথাক লৈ তৰ্কাতৰ্কি লাগি কাজিয়াৰ সুত্ৰপাত হৈছিল। পিছত সেই কাজিয়া মাৰপিটলৈ পৰ্যবসিত হয়।

ঘটনাৰ সন্দৰ্ভত বিজেপি কৰ্মীগৰাকীয়ে মোৱামাৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আনহাতে পলাতক অৱস্থাত অভিযুক্ত ছাইফুল ইছলাম।

আৰু পঢ়ক : গুৱাহাটীৰ দুঠাইত ভয়ংকৰ অগ্নিকাণ্ড, কোনোমতেহে নিয়ন্ত্ৰণলৈ আহে জুই