নগাঁৱৰ তিনিটা ৱাৰ্ডত ৫ শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

0
159

নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত শতাধিক কংগ্ৰেছী কৰ্মীৰ দলত্যাগ।নগাঁও সদৰ সমষ্টিৰ তিনিটাকৈ ৱাৰ্ডৰ ৫০০শতাধিক কংগ্ৰেছীৰ দলত্যাগ।

বিধায়ক ৰূপক শৰ্মাক লগত লৈ ৰাজপথত বিশাল সমদল কৰি যোগদান কৰিলে বিজেপিত। এই চৰকাৰখন অহাৰ পাছতেই নগাওৰ যথেষ্ট উন্নতি হৈছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে মন্তব্য কৰে।তাৰোপৰি বিজেপিয়ে কৰা ভালকামৰ প্ৰতি মানুহ আকৃষ্ট হৈ বিজেপিত প্ৰতিদিনে হাজাৰ হাজাৰ লোকে যোগদান কৰিছে বুলি মন্তব্য কৰে।

কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাত অসন্তুষ্ট হৈ দলত্যাগ এইসকল কংগ্ৰেছীৰ। নগাঁও চহৰত ৩নং, ২০নং আৰু ২২নং ৱাৰ্ডৰ কংগ্ৰেছীয়ে যোগ দিলে বিজেপিত। কংগ্ৰেছ ত্যাগ কৰিলে শতাধিক সংখ্যালঘূ লোকেও।