24 C
Guwahati
Saturday, September 18, 2021
More

    GHADC নিৰ্বাচনত একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হ’ল কংগ্ৰেছ

    GHADC নিৰ্বাচনত একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হ’ল কংগ্ৰেছ

    শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা মেঘালয়ৰ গাৰো হিলছ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে কংগ্ৰেছ।

    এই ফলাফলে উৎফুল্লিত কৰি তুলিছে ৰাজ্যৰ কংগ্ৰেছ শিবিৰক।

    ৩০ খন আসনৰ ভিতৰত ২৯ খনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছে ১২ খন আসন লাভ কৰিছে।

    আসন কেইখন হ’ল- আমংপাৰা, ডেংনাকপাৰা, বালাচান্দা, বাটাবাৰী, শ্যামনগৰ, বোল্ডামগ্ৰে, বেটাচিং, চামাণ্ডাগ্ৰে, উইলিয়ামনগৰ, ৰংৰোং, ডামাচ আৰু খাৰকুট্টা।

    ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপ’লছ পাৰ্টি (এনপিপি)এ তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ১১ খন আসনত জয়ী হ’বলৈ সক্ষম হয়।

    এনপিপিয়ে চিল্কিগ্ৰে, চিজু, বেবেলাপাৰা, জেংজাল, আছানাং, নগৰপাৰা, নাগুয়াপাৰা, গাচুয়াপাৰা, বাজেন্দোবা আৰু ৰকচামগ্ৰে সমষ্টিৰ পৰা জয়ী হয়।

    ইফালে, ভাৰতীয় জনতা পাৰ্টী (বিজেপি)এ দুখন আসন লাভ কৰে। বিজেপিয়ে লাভ কৰা আসন দুখন হ’ল তুৰা আৰু বাৰেংগাপাৰা।

    এই নিৰ্বাচনৰ আটাইতকৈ আশ্বৰ্যকৰ ফলাফলটো হ’ল ৰচনপাৰা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী আৰবাইনষ্টন মাৰাকে বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য দিপুল মাৰাকক পৰাস্ত কৰে।

    ৭,৪৩,৭১৭ জন ভোটাৰে ১৮২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিছিল।

    আৰু পঢ়ক : দোকান বন্ধ কৰি বন্ধুৰ পাৰ্টিলৈ উভতিছিল বিশ্বজিতঃ বন্ধুৱে কাণ কাটি, নিৰ্মমভাৱে হত্যা কৰি নৈৰ সুঁতিত পেলাই থৈ গ’ল বিশ্বজিতৰ মৃতদেহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং