
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মেঘালয় কংগ্ৰেছে প্ৰকাশ কৰিলে ৫৫ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা। মেঘালয় কংগ্ৰেছৰ মুৰব্বী ভিনচেণ্ট এইচ পালাক ছুংগাই চাইপুং (এছ টি) সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে দলে।
উল্লেখ্য যে পালা হৈছে শ্বিলং সমষ্টিৰ লোকসভাৰ সাংসদ।
এন চি পিৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰি ২৩ জানুৱাৰিত কংগ্ৰেছত যোগদান কৰা ছালেং এ চাংমাক গাম্বেগ্ৰে (এছ টি) বিধানসভা সমষ্টিৰ পৰা প্ৰক্ষেপ কৰা হৈছে বুলি জানিব পৰা গৈছে।
বুধবাৰে কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ অধ্যক্ষতাত দলৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকৰ অন্তত মেঘালয় নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।
উল্লেখ্য যে, ৬০ জনীয়া মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ বাবে ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ ভোট গণনা ২ মাৰ্চত হ’ব।