24.2 C
Guwahati
Saturday, September 18, 2021
More

    ”সফল সৰ্বানন্দক আঁতৰাই হিমন্তক মুখ্যমন্ত্ৰী,বিজেপিৰ উদ্দেশ্য কেৱল ৰাইজৰ মন ভুলোৱা” বিস্ফোৰক মন্তব্য…

    ”সফল সৰ্বানন্দক আঁতৰাই হিমন্তক মুখ্যমন্ত্ৰী,বিজেপিৰ উদ্দেশ্য কেৱল ৰাইজৰ মন ভুলোৱা” বিস্ফোৰক মন্তব্য – কালি বিভিন্ন কাৰ্যসূচী হাতত লৈ অসমলৈ আহিছিল গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণে নিৰাশ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক।

    তেওঁ কয় যে ”কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ অসম ভ্ৰমণ অসমৰ বাবে নিৰাশাজনক। ভাষণত তেখেতে যদিও বিজেপি দলৰ চৰকাৰখনৰ ঢাক ঢোল পিটিলে, কিন্তু অসমৰ ৰাইজে ভালকৈ জানে যে, যোৱা সময়চোৱাত যদিও ৩৫ গৰাকীতকৈও অধিক কেন্দ্ৰীয় মন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিলে কিন্তু  অসমৰ ৰাইজে তেওঁলোকৰ পৰা বিশেষ কোনো আঁচনি বা অসমত বিশেষ কোনো উন্নতি হোৱা দেখা নাপালে”।

    ক’ভিড মহামাৰীৰ সময়ত গৃহমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণে ৰাজ্যবাসীলৈ আশাৰ বাতৰি আনিব বুলি আশা কৰিছিলো বুলি উল্লেখ কৰি শইকীয়াই কয়ে যে ”মোৰ দৰে চাগে অসমৰ ৰাইজেও ভাৱিছিল আৰ্থিক সাহায্য অসমলৈ আনিব।কিন্তু সেয়া নহ’ল”।

     অমিত শ্বাহে সৰ্বানন্দ সোণোৱালক সফল মুখ্যমন্ত্ৰী বুলি কৰা মন্তব্যৰ ওপৰত শইকীয়াই কয় যে ”যদি সৰ্বানন্দ সোণোৱাল এজন সফল মুখ্যমন্ত্ৰী আছিল, তেন্তে তেওঁক আঁতৰলে কিয়? যদি তেখেত সফলে আছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে কিয় কৈছে আগৰ চৰকাৰৰ দিনত হাজাৰ কোটি টকাৰ ছিণ্ডিকেট, গৰুৰ চোৰাং সৰবৰাহ তথা অবৈধ ড্ৰাগছৰ কেলংকাৰী হৈ আছিল”।

    গতিকে অমিত শ্বাহ ডাঙৰীয়াৰ অসম ভ্ৰমণ তথা মুখ্যমন্ত্ৰী মহোদয়ৰ বৰ্তমান ৰাইজক দেখুওৱাবলৈ কৰি থকা কামৰ উদ্দেশ্য এটাই অসমৰ ৰাইজৰ মন ভুলোৱ বুলি কয় শইকীয়াই।

    আৰু পঢ়ক : মিজো দুৰ্বৃত্তৰ গুলীত নিহত অসম আৰক্ষীৰ ৬ জোৱান, আহত ৬৫ জন,হিমন্তই ক’লে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং