প্ৰতিবাদ; পথত জমা হোৱা পানীত স্নান কৰি ধৰ্ণা কংগ্ৰেছ বিধায়িকাৰ

0
92

এগৰাকী বিধায়িকাৰ অন্য ৰূপত প্ৰতিবাদ। পথ মেৰামতিৰ দাবীত পথত জমা হোৱা পানীতে স্নান কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ঝাৰখণ্ডৰ এগৰাকী বিধায়িকা।

ঝাৰখণ্ডৰ মহাগামা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিধায়িকাগৰাকীৰ নাম হৈছে দিপীকা পাণ্ডে।

১৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰিবলৈ দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল যদিও কোনো সুফল নোপোৱাত আজি বিধায়িকা দিপীকাই গোড্ডাত পথৰ মাজত বহি স্নান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কংগ্ৰেছ বিধায়িকাৰ লগতে তেওঁৰ আন সমৰ্থক সকলেও ধৰ্ণাত বহি পথ অৱৰোধ কৰে। এই সময়ত সমৰ্থকসকলে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

দীপিকা পাণ্ডে সিঙে কয় যে আন্দোলনটো ৰাস্তাত আৰম্ভ হৈছে আৰু ৰাস্তাতে শেষ হ’ব লাগিব। ইয়াত কাম আৰম্ভ নোহোৱালৈকে আমি ইয়াৰ পৰা উঠি নাযাও।

কংগ্ৰেছ বিধায়িকাগৰাকীৰ প্ৰতিবাদক হাস্যকৰ আখ্যা দিছে স্থানীয় বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই। তেওঁ টুইটযোগে কংগ্ৰেছৰ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী হেমন্ত সোৰেণৰ বিৰুদ্ধে ধৰ্ণাত বহা বুলি কটাক্ষ কৰে।