28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গোসাইগাঁও বিধান সভা সমষ্টি পুনৰ উদ্ধাৰ কৰাৰ বাবে কংগ্ৰেছৰ বুথ সংকল্প শিবিৰৰ সভা

    গোসাইগাঁও বিধানসভা সমষ্টিখন পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলৰ তৎপৰতা। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে।

    বাদ পৰি ৰোৱা নাই গোসাঁইগাওঁ বিধানসভা সমষ্টিও। সমষ্টিখনতো দেখা গৈছে ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী তৎপৰতা। ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিখন পুণৰ উদ্ধাৰ কৰাৰ বাবে কংগ্ৰেছ দলে ন ন কৌশল অৱলম্বন কৰি সভা সমিতি পাতিছে ৷

    শ্ৰীৰামপুৰ অৱস্থিত হাতীধূৰা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এখন বুথ সংকল্প শিবিৰৰ সভা অনুষ্ঠিত কৰা হয়। সভাত কোকৰাঝাৰ জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ আৰু বুথ পৰ্যায়ৰ কৰ্মীক লৈ এখন সভা অনুষ্ঠিত কৰে।

    কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সভাপতি মমিনুৰ ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে আগন্তুক বিধান সভা নিৰ্বাচনৰ বিষয়ে আলোচনা আৰু নিৰ্বাচন কেন্দ্ৰীক ভাষণত কয় যে এইবেলি নিৰ্বাচনত বিজেপি দলক উৎখাত কৰি কংগ্ৰেছ চৰকাৰ আনিবই লাগিব আৰু গোসাইগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জিকিব ইয়াৰ বাহিৰে কোনো দলৰ প্ৰাৰ্থীয়ে জিকিব নোৱাৰে, লগতে গোসাইগাঁও সমষ্টি পুনৰ উদ্ধাৰৰ লক্ষ্যৰে একত্ৰিত হৈ থিয় দিব লাগিব আৰু কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্মীয়ে কাম কৰি যাব লাগিব লগতে সভাখনত বিজেপি দলক কংগ্ৰেছ নেতৃত্বই ক্ষুৰধাৰ সমলোচনা কৰে।

    উল্লেখ্য যে সভাখনত ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাথীত্ব প্ৰত্যাশী মমিনুৰ ইছলাম , নূৰ আলম শ্বেখ আদি কৰি ৮ গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশী উপস্থিত থাকে।

    আৰু পঢ়ক : পুনৰ কৰ’ণাই টোকৰ মাৰিছে অসমত, এইবাৰ ৰহাৰ এখন ঘৰতে পিতা-পুত্ৰী আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং