কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলিব নেকি অগপ বিধায়ক সত্যব্ৰত কলিতাই? সবিশেষ ক’লে ৰিপুন বৰাই

0
344
মই মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য, কাৰণ মই কাপুৰুষ নহয়: ৰিপুন বৰা
ফাইল ফটো

যোৱা দুদিন ধৰি ধাৰাবাহিকবাৱে ইখনৰ পিছত সিখনকৈ বৈঠক অনুষ্ঠিত কৰি আছে যদিও কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে এই পৰ্যন্ত আসন বুজাবুজিক লৈ সহমতত উপনীত  হ’ব পৰা নাই বা প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই। আজি নিশাও হোটেল তাজত কংগ্ৰেছ দলৰ নেতৃত্বই প্ৰাৰ্থীকেন্দ্ৰীক বৈঠকত পুনৰ মিলিত হৈ আলোচনা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সাংবাদিকৰ আগত মন্তব্য কৰি কাইলৈৰ ভিতৰত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। তেওঁ কয়, ‘দিল্লীত যি মুহূৰ্তত চহী হ’ব তাৰ পৰা লগে লগে তালিকা ওলাই যাব। আমি পিছতহে পাম’। ইফালে আসনক কেন্দ্ৰ এআইইউডিএফৰ লগত মত বিৰোধ হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰিপুন বৰাই কয়, ‘অলপটো অসন্তুষ্টি থাকিবই। এইটো স্বাভাৱিক কথা। ইমান দিন কাম কৰি আছে এতিয়া নাপাব তেনেকুৱা ক্ষেত্ৰত কিছুমান অসন্তুষ্টি থাকিবই। আলোচনাৰ মাধ্যমেৰে আমি সমাধান কৰিম’। আনহাতে সুস্মিতা দেৱ প্ৰসংগত কয়, ‘সুস্মিতা দেৱৰ অসন্তুষ্টি আছে স্বাভাৱিক। কাৰণ বৰাকৰ যি ১৫ খন আসন আছে হাইলাকান্দিতে তিনিটা এআইইউডিএফৰ। শিলচৰ, কৰিমগঞ্জ আছেই। তেওঁলোকৰ দখলত থকা আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমাৰ অলপ অসুবিধা হৈ আছে। সেই বাবে অলপ অসন্তুষ্ট’। উল্লেখণীয় কথা এইটোৱে যে অগপৰ পৰা টিকট বঞ্চিত কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাই কংগ্ৰেছৰ সভাত উপস্থিত হোৱা সন্দৰ্ভত তেওঁ কয়, ‘আমাৰ বন্ধু মানুহ আহিব পাৰে। কাইলৈ পাব ব্ৰেকিং নিউজ। কাইলৈ আৰু ব্ৰেকিং নিউজ আহিব। এতিয়া সংখ্যা নকওঁ’।

‘মহন্ত ডাঙৰীয়াৰ লগত আৰু অন্যানৰ লগত আলোচনা চলি আছে। আজি সত্যব্ৰত আহিছে মনৰ দুখত। বেলেগ একো নাই। তেওঁ টিকট নাই পোৱা। মনৰ দুখতেই আমাৰ লগত কথা পাতিবলৈ আহিছে। কিন্তু তেনেকুৱা একো ফাইনেল হোৱা নাই।যদি কিবা হয় সকলোৱে গম পাব। এই মুহূৰ্তত যিকোনো সম্ভৱ হ’ব পাৰে। হ’ব পাৰে ‘চমক’ (অগপ প্ৰগতিশীল)’।

উল্লেখ্য যে টিকট বঞ্চিত কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাই কংগ্ৰেছৰ সভাত উপস্থিত হোৱাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আৰু পঢ়ক : নিৰ্বাচনী আচৰণ বিধি ভংগৰ ক্ষেত্ৰত কঠোৰ হৈছে নিৰ্বাচন আয়োগ