25.9 C
Guwahati
Monday, October 18, 2021
More

    ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুওৱা দুৰ্ভগীয়া যোছেফ মাৰাকক সাক্ষাৎ ৰিপুন বৰাৰ

    ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুওৱা দুৰ্ভগীয়া যোছেফ মাৰাকক সাক্ষাৎ ৰিপুন বৰাৰ

    অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুন বৰাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত উপস্থিত হৈ ৰাজকন্য বৰুৱাৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শ্ৰমিক যোছেফ মাৰাকৰ স্বাস্থ্যৰ বুজ লয়।

    ৰাজকন্যা বৰুৱাৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক যোছেফ মাৰাকে চিৰদিনলৈ তেওঁৰ দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছিল।

    ৰিপুন বৰাই যোছেফ মাৰাকৰ লগতে জি এম চি এইচত ভৰ্তি হৈ থকা আন তিনিজন শ্ৰমিককো দেখা কৰি স্বাস্থ্যৰ বুজ লয়।

    উল্লেখযোগ্য যে, ২ অক্টোবৰৰ নিশা গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱত সুৰপান কৰি ৰাজকন্যা বৰুৱা নামৰ মডেল গৰাকীয়ে বহু কেইগৰাকী শ্ৰমিকক খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰিছিল।

    আঘাতপ্ৰাপ্ত শ্ৰমিকসকলৰ ভিতৰত যোছেফ মাৰাক অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ দুয়োখন ভৰি চিকিৎসকে কাটিবলৈ বাধ্য হয়।

    আৰু পঢ়ক : মহাসপ্তমীৰ নিশা চোঁকা অস্ত্ৰৰে হানি-খুচি এজনক নৃশংস হত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং