
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ তথা বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ কেইঘণ্টামান পিছতে অৰ্থাত দেওবাৰে কংগ্ৰেছ নেতা তথা বিধায়ক ৰকিবুল হুছেইনেও দলীয় পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰে।
প্ৰাপ্ত খবৰ অনুসৰি, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচনৰ বাবে বিধায়কগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ হৈ প্ৰচাৰ চলাব প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।
শনিবাৰে খালেকে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ পদ আৰু দলীয় কৰ্তব্যৰ পৰা পদত্যাগ কৰিছিল।
কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে মল্লিকাৰ্জুন খাৰ্গেৰ হৈ প্ৰচাৰ অভিযানত অংশ লোৱাৰ বাবেই খালেকে এই সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদৰ বাবে মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থৰুৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।