কংগ্ৰেছৰ যুৱৰাজ আহিব আজি অসমলৈ, ওখল মাখল শিৱসাগৰ

0
155
কংগ্ৰেছৰ যুৱৰাজ আহিব আজি অসমলৈ, ওখল মাখল শিৱসাগৰ

আজি প্ৰেমৰ দিৱসৰ দিনটোতেই অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ তথা প্ৰভাৱশালী নেতা ৰাহুল গান্ধী। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ জনসভাত সম্বোধন কৰিব ৰাইজক।

ইয়াকে লৈ বিগত কেইবাদিনো ওখল মাখল পৰিৱেশ শিৱসাগৰ জিলাখনতেই। ব্যাপক প্ৰস্তুতি খেলপথাৰ খনত। ঐতিহাসিক বৰ্ডিং খেলপথাৰত মূল মঞ্চৰ উপৰিও সাংস্কৃতিক কায্যসূচীৰ বাবে নিৰ্মান কৰা হৈছে বিশেষ মঞ্চ।

উজনি – নামনি প্ৰায় সকলো শীৰ্ষ স্থানীয় কংগ্ৰেছ নেতাই আজি ১৪ ফেব্ৰুৱাৰীৰ দিনটোত ৰাহুল গান্ধী সৈতে যোগদান দিব এই জনসভাত।

যিমানেই বিধানসভা নিৰ্বাচন চমু চাপি আহিছে সিমানেই তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল গঠন আৰু নেতা সকল। সকলোৱে দলৰে নেতাই আহিছে শিৱসাগৰলৈ।

অসমৰ শিৱসাগৰ যেন এইবাৰৰৰ নিৰ্বাচনৰ কেন্দ্ৰস্থল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ হৈ ৰনডংকা বজাই যোৱাৰ পিছত আজি আহিব কংগ্ৰেছৰ ৰনডংকা বজাবলৈ ৰাহুল গান্ধী।

এই জন সভাত ২০ ৰ পৰা ২৫ হাজাৰ লোকৰ সমাগম হব বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

Photo Credit: The Print

আৰু পঢ়ক : উন্নয়নৰ নমুনাঃ বছৰ বছৰ ধৰি জৰাজীৰ্ণ দলঙেৰে মৰণত শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে ৰাইজবাসী