কংগ্ৰেছত খহনীয়া !কংগ্ৰেছ ত্যাগ কৰি এ আই ইউ ডি এফত যোগদান শতাধিক কৰ্মীৰ

0
100

নিৰ্বাচনৰ আগমুহুৰ্তত কংগ্ৰেছ দলত হৈছে ব্যাপক খহনীয়া।এইবাৰ লাহৰীঘাট সমষ্টিত কংগ্ৰেছত শ শ লোক কংগ্ৰেছ ত্যাগ কৰি এ আই ইউ ডি এফত দলত যোগদান কৰিছে বহুলোকে। তিনিচুকীয়া মহমাৰা গাওঁ পঞ্চায়তখনৰ প্ৰায় পাঁচশ কৰ্মী এ আই ইউ ডি এফত দলত যোগদান কৰিছে।

 সমষ্টিটোৰ অন্তৰ্গত মহমাৰা গাওঁ পঞ্চায়তৰ দক্ষিণ ঔতলাবড়ী স্কুল খেল পথাৰত এখনি নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়।সেই সভাতেই দলটোৰ সাধাৰণ সম্পাদক চম্পক কলিতা আৰু প্ৰাৰ্থী প্ৰত্যাশী ছিদ্দিক আহমেদৰ উপস্থিতিত পঞ্চায়তখনৰ প্ৰায় পাঁচশ কৰ্মী কংগ্ৰেছ ত্যাগ কৰি এ আই ইউ ডি এফত দলত যোগদান কৰে।

যোগদান কৰি কৰ্মী সকলে কংগ্ৰেছৰ বিৰুদ্ধে সাংবাদিকৰ আগত বহু কথা প্ৰকাশ কৰে।তেওঁৰ মতে, ২৫ বছৰীয়া কাৰ্যকালত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ডাঃ নজৰুল ইছলামে  সমষ্টিৰ কোনো উন্নয়ন কৰা নাই। নিবনুৱা সমস্যাৰে লগতে বিভিন্ন সমস্যাৰে জৰ্জৰিত লাহৰীঘাট সমষ্টিৰ ৰাইজ।

প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই বিধায়ক জনে এই বুলি মন্তব্য কৰে এ আই ইউ ডি এফত যোগদান কৰা লোকসকলে।

 সেই সভাত ভাষণ প্ৰসংগত চম্পক কলিতাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।যমুনামুখত প্ৰাক্তন মন্ত্ৰী ৰকিবুল ইছলামে এ আই ইউ ডি এফৰ বিৰুদ্ধে যি মন্তব্য কৰিছিল সেই মন্তব্য দলটোৱে গুৰুত্ব সহকাৰে লৈ ৰকিবুলৰ লগতে কংগ্ৰেছক সমালোচনা কৰে কলিতাই।

Photo and Input:Washim Hussain