16 C
Guwahati
Friday, December 3, 2021
More

    ”পদ্ম সন্মানৰ বাবে যোগ্য নহয় কংগনা” পদ্মশ্ৰী সন্মান উভতাই লোৱাৰ দাবী একাংশৰ, ছহীদ সম্পৰ্কে কৈছিল…

    ”পদ্ম সন্মানৰ বাবে যোগ্য নহয় কংগনা” পদ্মশ্ৰী সন্মান উভতাই লোৱাৰ দাবী একাংশৰ, ছহীদ সম্পৰ্কে কৈছিল…

    বিভিন্ন সময়ত বিতৰ্কৰ মাজত থাকে অভিনেত্ৰী কংগনা ৰাণাৱট। ছহীদক লৈ কৰা মন্তব্যৰ বাবে পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অভিনেত্ৰী গৰাকী।

    ৯ নৱেম্বৰত টাইমচ নাউৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি কংগনাই কয় যে ”সাবৰকাৰ, লক্ষ্মীবাঈ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুয়ে জানিছিল যে তেজেৰে ৰাঙলী হ’ব। কিন্তু সেয়া হিন্দুস্তানী তেজ হ’ব নালাগে।সেয়া স্বাধীনতা নাছিল,সেয়া ভীক্ষা আছিল। প্ৰকৃত স্বাধীনতা ২০১৪ তহে ভাৰতে পাইছে”।

    কংগনাই কৰা এই মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে একাংশ। ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

    কিছুদিন পূৰ্বে কংগনাক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল। কিন্তু অভিনেত্ৰী গৰাকীয়ে ছহীদক লৈ কৰা অপমানসূচক মন্তব্যৰ পিছতেই এই সন্মান উভতাই ল’বলৈ একাংশই দাবী কৰিছে।

    এই সন্দৰ্ভত কংগ্ৰেছ নেতা গৌৰৱ বল্লভে কয় যে ”তেওঁৰ মন্তব্যৰ দ্বাৰাই এয়াই প্ৰমান হয় যে যেতিয়া কোনো অযোগ্য ব্যক্তিক পদ্ম সন্মান দিয়া হয় তেতিয়া কি হয়। মই দাবী কৰো যে কংগনাই ছহীদক সকলক লৈ কৰা মন্তব্যৰ বাবে ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিব লাগে। তেওঁ ভাৰতীয়ৰ ত্যাগক অসন্মান কৰিছে”।

    ”যি গৰাকী মহিলাই মহাত্মা গান্ধী,ভগত সিং, সুভাষ চন্দ্ৰ বসুৰ দৰে ব্যক্তিক অসন্মান কৰে তেওঁৰ পৰা পদ্ম সন্মান উভতাই ল’ব লাগে।যদি চৰকাৰে তেওঁক পদ্ম সন্মান দিয়ে তাৰ অৰ্থ এয়ে যে চৰকাৰে এনে ব্যক্তিক সমৰ্থন কৰে” এনেদৰে কয় কংগ্ৰেছ নেতা গৰাকীয়ে।

    ইয়াৰোপৰি আৰু বিভিন্ন জনে কংগনাক চৰকাৰে দিয়া পদ্ম সন্মান উভতাই দিয়াৰ দাবী উত্থাপন কৰিছে।

    আৰু পঢ়ক: যি ভীক্ষাত পোৱা গৈছিল সেয়া স্বাধীনতা নহয়, প্ৰকৃত স্বাধীনতা ভাৰতে ২০১৪ত লাভ কৰিছে:কংগনা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং