পশ্চিম কাৰ্বি আংলঙৰ ৪নং চছেং পৰিষদীয় সমষ্টিত বিজেপিৰ খহনীয়া ৷ বিজেপি কিষাণ মৰ্চাৰ কাৰ্যকৰী সদস্যৰ সৈতে শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছ দলত যোগদান ৷ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ৪নং চছেং পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰনৰ জন্মস্থানতেই শতাধিক বিজেপি আৰু অনান্য দলৰ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে ।
সমষ্টিটোৰ পাৰিষদ তথা কাৰ্যবাহী সদস্য ৰূপছিং টেৰনৰ কাম-কাজত অসন্তুষ্ট হৈ পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ কিষাণ মৰ্চাৰ কাৰ্যকৰী সদস্য ধনেশ্বৰ কাথাৰ সহ শতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে বুলি জানিব দিয়ে কৰ্মী সকলে।
আৰু পঢ়ক : বিলাসীপাৰাত ক্ষত-বিক্ষত অৱস্থাত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ