28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    BPF প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰা তামুলপুৰ সমষ্টিত নিৰ্বাচন বাতিল কৰিবলৈ দাবী কংগ্ৰেছৰ

    অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া তামুলপুৰ সমষ্টিৰ ভোটগ্ৰহণ বন্ধ কৰাৰ দাবী জনাইছে কংগ্ৰেছ দলে।

    উল্লেখ্যে যে এই আসনৰ পৰা কংগ্ৰেছ দলৰ মিত্ৰ দল বড়োলেণ্ড পিপ’লছ ফ্ৰণ্ট (বিপিএফ)ৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাক লৈ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

    ভাৰতত পূৰ্বে নোহোৱা নোপোজা এই ঘটনা সন্দৰ্ভত ইতিমধ্যে শনিবাৰে নিৰ্বাচন আয়োগে তামুলপুৰ সমষ্টিৰ নিৰ্বাচনী বিষয়া সঞ্জীৱ শৰ্মাৰ উপস্থিতিত গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল। কিন্তু এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

    বিটিআৰ অঞ্চলৰ বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে বিজেপিত যোগদান কৰাৰ পিছত বিপিএফে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিছিল।

    ইফালে শনিবাৰে নিশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মুখ্য নিৰ্বাচন বিষয়াক অভিযোগ দাখিল কৰি ৰংজা খুংগুৰ বসুমতাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

    ইয়াৰ উপৰি কংগ্ৰেছে অসমৰ মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই নিৰ্বাচন আয়োগক।

    বি পি এফ প্ৰাৰ্থী গৰাকীয়ে বিজেপিত যোগদান কৰাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হৈছিল।

    এই সন্দৰ্ভত বৰাই কয়, ‘স্পষ্ট হৈ পৰিছে যে এইটো ভাৰতৰ নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধিৰ লগতে জনপ্ৰতিনিধি আইন, ১৯৫১ৰ কেইবাটাও ব্যৱস্থাৰ স্পষ্ট উলংঘন। এনে পৰিস্থিতিত, মই আপোনাক বসুমতাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উপযুক্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো’।

    মুখ্য নিৰ্বাচনী বিষয়াক দিয়া অভিযোগত বৰাই আৰু কয়, ‘মই আপোনাক তামুলপুৰ সমষ্টিত নিৰ্বাচন প্ৰক্ৰিয়া তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ অনুৰোধ কৰিছো’।

    আৰু পঢ়ক : ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰিছে কভিড পৰীক্ষাৰ মাচুল, জানক সৱিশেষ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published