29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মিত্ৰতা নে বিৰোধী! অখিল-লুৰিণৰ দলৰ মাজতো ক্ষমতা কেন্দ্ৰিক যুঁজ, কাৰ চৰকাৰ বিচাৰে আপুনি…

    মিত্ৰতা নে বিৰোধী! অখিল-লুৰিণৰ দলৰ মাজতো ক্ষমতা কেন্দ্ৰিক যুঁজ, কাৰ চৰকাৰ বিচাৰে আপুনি…

    বৰ্তমান ৰাজ্যত বলিছে নিৰ্বাচন গৰম বতাহ । চাৰিওফালে কেৱল ৰাজনীতি । কিন্তু নতুনত্ব একো নাই । এজনৰ পিছত আনজন নেতাই কেৱল সলাইছে দল। কংগ্ৰেছ, এজেপি, বিজেপি, অগপ আদি সকলো দলতে চলিছে দল সলোৱা ৰাজনীতি। ৰাতিটোৰ ভিতৰতে অগপৰ নেতা বিজেপিলৈ, কংগ্ৰেছৰ নেতা বিজেপিলৈ, বিজেপিৰ কংগ্ৰেছলৈ। পিছ পৰি ৰোৱা নাই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলো।

    একাংশ নিৰ্লজ নেতাই দলৰ নীতি আদৰ্শ ভৰিৰে মোহাৰি যোগদান কৰিছে অন্যদলত। এটা দলৰ আদৰ্শ নীতিৰ কথা কৈ ভাষণ দিয়া জনে ৰাতিটোৰ ভিতৰতে অন্য দলত যোগদান কৰিছে। এই সকলক ক্ষমতালোভী নেতা বুলি কলে ভুল নহ’ব । অসমৰ ৰাইজে আৰু জানিবলৈ বাকী নাই। কিন্তু প্ৰশ্ন হয় ৰাইজে কাক ল’ব বিশ্বাসত।

    ক্ষমতা কেন্দ্ৰিক যুঁজখনত প্ৰভাৱ পৰিছে কেৱল অসমৰ জনতাৰ ওপৰত । কিন্তু অসমৰ জনতাৰ কথা চিন্তা কৰা ভাল নেতা হয়টো এতিয়া খুব ক’মেই বুলিব পাৰি। পৰিৱৰ্তন বিচাৰিছিল অসমৰ ৰাইজে । কিন্তু পৰিৱৰ্তনৰ বাবে বিকল্পৰ অভাৱ এতিয়া।

    ইয়াৰ মাজতে অসমৰ জনসাধাৰণৰ মাজলৈ আহিছিল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল । সকাহ পাইছিল অসমৰ ৰাইজে, বিচাৰিছিল নতুন দিগন্ত। কিন্তু অসমৰ জনতক নিৰাশ কৰি এওলোকেও চূড়ান্ত বিফল হোৱা বুলি ক’ব পাৰি।

    অসমৰ ৰাইজৰ বাবে সহায় হ’ব বুলি ভৱা দল দুটাৰ বাবে এতিয়া প্ৰশ্ন উত্থাপন হৈছে বহুতৰ মাজত। তেওঁলোকৰ কাৰ্যকালাপে দেখুৱাই দিছে যে বিজেপিক প্ৰতিহত কৰাতকৈ ক্ষমতাহে তেওঁলোকৰ বাবে প্ৰয়োজনী। টিকট নপোৱাৰ বাবে পদত্যাগ কৰিছে এজনৰ পিছত আনজন নেতা।

    আনহাতে কাৰাৰুদ্ধ হৈ থকা কৃষক নেতাও সন্মুখীন হৈছে সমালোচনাৰ । তেওঁৰ এখন চিঠিৰ পিছতেই পদত্যাগ কৰিছিল ৰাইজৰ দলৰ উপদেষ্টা হিৰেণ গোঁহাইয়ে। সমালোচনাই লগ এৰা নাই তেওঁকো। কিছুদিন পূৰ্বে ৰাইজৰ স্বাৰ্থত নতুন দল খুলি এটা পদৰ পৰা পদত্যাগ লোৱাটো কিমান গ্ৰহণযোগ্য ।

    মাত্ৰ কেইমাহমান আগতে জন্ম হোৱা দুটা আঞ্চলিক দলৰ যদি এই অৱস্থা হয় তেন্তে কি কৰিব অসমৰ ৰাইজে। পৰিৱৰ্তন বিচৰা জনতাই ভোট কাক দিব ।

    তদুপৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে জাতীয় স্বাৰ্থৰ বাবে মিত্ৰতা কৰিছিল। কিন্তু ইয়াটো স্পষ্ট হৈ পৰিল ক্ষমতাকেন্দ্ৰীক ৰাজনীতি। প্ৰায় ৯ খন আসনত বন্ধুত্বপূৰ্ণ যুঁজ কৰিব দল দুটাই । এটা সমষ্টিতে দুয়োটা দলৰ প্ৰাৰ্থী দিয়াৰ অৰ্থ অসমৰ জনতাই নুবুজা নহয়।

    সঁচাকৈ নতুনত্ব নাই। হয়টো এয়া অসমৰ জনতাৰ দুৰ্ভাগ্য যে এজন অভিজ্ঞ বিশ্বাসযোগ্য নেতাৰ অভাৱ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অনুপস্থিতি হয়টো বাৰুকৈ অনুভৱ কৰিছে কংগ্ৰেছ দলটোৱে। কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ৰাজনৈতিক যোগ্যতাৰ ওপৰত প্ৰশ্ন কৰিছে একাংশই। কোন সময়ত কোনে টিকট লাভ কৰে ঠিক নাই । হয়তো এই সময়ত তৰুণ গগৈ থকা হেতেন সঠিক পথ দেখুৱালে হেতেন কংগ্ৰেছে।

    অগপ দলো একেই । যি গৰাকী প্ৰফুল্ল কুমাৰ মহন্তই কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ দিছিল সেই মহন্তই কয় যে মিত্ৰজোঁটত চামিল হোৱাৰ ওপৰত চিন্তা-চৰ্চা হৈছে। অৱশ্যে মহন্তই এইবাৰ নিৰ্বাচন নেখেলে।

    পিছ পৰি ৰোৱা নাই বিজেপিও। এজনৰ পিছত আনজনে কৰিছে পদত্যাগ, লগতে আন বহুতে কৰিছে যোগদান । অসম সাহিত্য সভাৰ দৰে এটি অনুষ্ঠানত জড়িত থকা এগৰাকী ব্যক্তি পৰমানন্দ ৰাজবংশীয়ে কেৱল টিকটৰ আশাত বিজেপিত যোগদান কৰে। বৃন্দাবন গোস্বামী, বিতোপন শইকীয়া, সত্যব্ৰত কলিচা আদিয়েও একেই কৰিছে।

    তদুপৰি বিতৰ্ক, কুচকাৱাজৰ পৰা পিছ পৰা নাই এ আই ইউ ডি এফ দলো। টিকট নপোৱাৰ বাবে একাংশ নেতাৰ সমৰ্থকে বিহৰ বটল হাতত লৈ কৰিছে প্ৰতিবাদ। গতিকে এয়া অসমৰ ৰাইজৰ উন্নতি অথবা পৰিৱৰ্তনৰ বাবে হোৱা নিৰ্বাচন বুলি ক’ব নোৱাৰি । এয়া ক্ষমতাকেন্দ্ৰিক যুঁজ।

    অসমৰ জনগনে ভাৱিছিল অসমত মূল্যবোধৰ ৰাজনীতি হ’ব । কিন্তু এয়াও মিছা প্ৰমাণিত কৰিলে অখিল আৰু লুৰিণে । নিজৰ মাজতেই যুঁজি অসমৰ লোকক একপ্ৰকাৰ প্ৰতাৰণা কৰিছে । অৱশ্যে কেৱল এই দল দুটাই নহয়, প্ৰায় প্ৰতিটো মিত্ৰ দলেই বন্ধুত্বমূলক যুঁজত অৱতীৰ্ণ হ’ব .

    গতিকে অসমৰ জনগণে কাক ভৰষা কৰিব, কাক ভোট দিব। হয়টো অসমৰ ৰাজনীতিত নতু দিগন্তৰ উদয় হ’ব বুলি কৰা আশা ভুল প্ৰমাণিত হ’ব ।

    আৰু পঢ়ক : ইংলেণ্ডৰ অধিনায়ক জ’ ৰুটক পিছ পেলাই আশ্বিনৰ শিৰত ICC-ৰ এই বিশেষ সন্মান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং