লকডাউনৰ সময়ত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কণ্ডম আৰু গৰ্ভনিৰোধক বড়িৰ বিক্ৰীৰ হাৰ

জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকৰ বাহিৰে সকলো এতিয়া গৃহবন্দী

0
559

বৰ্তমান বিশ্বজুৰি চলিছে কৰ’ণা ভাইৰাছৰ আতংক। ২০১৯ বৰ্ষত চীনৰ হোবেই প্ৰান্তৰ ৱুহান চহৰত প্ৰথম চিনাক্ত হোৱা এই মাৰাত্মক ভাইৰাছবিধ সমগ্ৰ বিশ্বতে এতিয়া বিয়পি পৰিছে।

২০২০ বৰ্ষৰ ১১ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই এই ঘটনাক বিশ্বমাৰী হিচাপে ঘোষণা কৰিছে।ভাৰততো দিনকদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। এতিয়ালৈকে ১৫জনকৈ লোকে ভাৰতত কৰ’ণা ভাইৰাছত সংক্ৰিমত হৈ প্ৰাণ হেৰুৱালে আৰু সম্প্ৰতি এই ৰোগবিধৰ সৈতে যুঁজি আছে ৬০০ৰো অধিক লোকে। ২৫ মাৰ্চৰ পৰা সমগ্ৰ দেশজুৰি প্ৰধানমন্ত্ৰীয়ে ২১ দিনলৈকে লক ডাউন ঘোষণা কৰিলে।

দেশবাসীয়ে নিজৰ সুৰক্ষাৰ লগতে দেশৰ সুৰক্ষাৰ স্বাৰ্থত মানি লৈছে লক ডাউন। জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকৰ বাহিৰে সকলো এতিয়া গৃহবন্দী। ব্যস্ততাৰে ভৰি থকা জীৱনসূচীত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সময় পাইছে প্ৰতিজন লোকেই।

খাদ্য সামগ্ৰী, মাস্ক, ছেনিটাইজাৰ, ঔষধৰ সমান্তৰালকৈ এইকেইদিনত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কণ্ডম আৰু গৰ্ভনিৰোধক বড়িৰ বিক্ৰীৰ হাৰ। ফাৰ্মাচী আৰু ই-কমাৰ্চৰ ছাইটসমূহে সমগ্ৰ দেশজুৰি কণ্ডম আৰু গৰ্ভনিৰোধক বড়িৰ বিক্ৰীৰ হাৰ আকস্মিকভাৱে বৃদ্ধি পোৱা বুলি দাবী কৰিছে।

Photo Credit: m.economictimes.com