নিষ্ঠুৰ নিয়তি! ঘৰৰ পৰা ওলাই গৈছিল হে মাত্ৰ, দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কম্পিউটাৰ শিক্ষয়ত্ৰী ৰুবি শইকীয়া নাথে

0
27713

নিষ্ঠুৰ নিয়তি! ঘৰৰ পৰা ওলাই গৈছিল হে মাত্ৰ, দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কম্পিউটাৰ শিক্ষয়ত্ৰী ৰুবি শইকীয়া নাথে। আমগুৰিৰ জাঁজীত এক ভয়ংকৰ পথ দূৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৰুবি নাথে।

শিৱসাগৰ জিলাৰ আমগুৰিৰ জাঁজীৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে। কম্পিউাৰ শিক্ষয়ত্ৰীগৰাকীয়ে এখন স্কুটীৰে আমগুৰি অভিমুখে গৈ থকা অৱস্থাত AS04-BC 6718 নম্বৰৰ এখন সামগ্ৰী কঢ়িওৱা যোদ্ধা গাড়ীয়ে পিছ ফালৰ পৰা খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটোনাতো সংঘটিত হয়।

দুৰ্ঘটনাত নিহত মহিলা গৰাকী আমগুৰিস্থিত NIT কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰ বুলি জানিব পৰা গৈছে। মহিলাগৰাকীয়ে আমগুৰিস্থিত নিজ প্ৰতিষ্ঠানলৈ গৈ থকা অৱস্থাতে কৰুণ মৃত্যুক সাৱটে।

ইতিমধ্যে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত গৌৰীসাগৰ আৰু আমগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সামগ্ৰী কঢ়িওৱা যোদ্ধা গাড়ীৰ চালকক আটক কৰা লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Input And Photo Credit: Jiaruddin Ahmed

আৰু পঢ়ক : কংগ্ৰেছৰ দ্বিতীয় পৰ্যায়ৰ দুজনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ, ন-কংগ্ৰেছীয়ে পালে স্থান