22 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    কৰ’ণাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত ৰাজ্য চৰকাৰে ৯ ৰ পৰা ১৯ এপ্ৰিললৈ সম্পূৰ্ণ লকডাউন দিয়াৰ সিদ্ধান্ত লৈছে। 

    এদিনত অভিলেখ সংখ্যক ২৮২১ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

    যোৱা ২৪ ঘণ্টাত, ৰায়পুৰত এই বিপদজনক ভাইৰাছৰ ফলত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজধানীত প্ৰথম মৃত্যু ২৯ মে’ত হৈছিল। 

    কালেক্টৰ এছ ভাৰতী দাসনে এখন সংবাদমেল সম্বোধন কৰি কয় যে এই সময়ছোৱাত জিলাখনৰ সকলো সীমা বন্ধ হৈ থাকিব। 

    লকডাউন ত গাখীৰ বিতৰণৰ বাবে সময় নিৰ্ধাৰণ কৰাৰ বিপৰীতে সুৰাৰ দোকান, পৰ্যটন স্থলী, চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয় বন্ধ থাকিব।

    চৰকাৰে অনুমোদন জনোৱা পৰীক্ষাৰ বাহিৰে আন পৰীক্ষাবোৰ পিছুৱাই দিয়া হ’ব।

    লকডাউনত পালন কৰিবলগীয়া নিয়ম সমূহ

    ৰায়পুৰত প্ৰৱেশ কৰা যাত্ৰীয়ে ই-পাছৰ জৰিয়তে প্ৰৱেশ কৰিব পাৰিব

    কৰ’ণা টিকাকৰণৰ বাবে ব্যক্তিসকলক ৰেহাই দিয়া হ’ব

    সকলো ধৰ্মীয় প্ৰতিষ্ঠান বন্ধ থাকিব

    চহৰখনৰ সকলো সুৰা বিপণী বন্ধ থাকিব 

    জৰুৰীকালীন অৱস্থাত চাৰিচকীয়া বাহন, অটোৰ চালকসহ সৰ্বাধিক তিনিজন লোকক অনুমতি দিয়া হ’ব

    সংবাদ মাধ্যমৰ লোকসকলে ঘৰৰ পৰা কাম কৰিব। অতিৰিক্ত সংকটজনক অৱস্থাত কাৰ্যালয়লৈ আহিলে আইডি কাৰ্ড প্ৰদৰ্শন কৰাটো বাধ্যতামূলক হ’ব

    কেৱল গাখীৰ, পেট্ৰ’ল পাম্প আৰু চিকিৎসা সেৱা অব্যাহত থাকিব

    অপ্ৰয়োজনীয়ভাৱে বাহন ব্যৱহাৰ কৰিলে ১৫ দিনৰ বাবে বাহনসমূহ জব্দ হ’ব

    ৰে’ল ষ্টেচন আৰু বিমানবন্দৰলৈ টেক্সি সেৱা অব্যাহত থাকিব

    আৰু পঢ়ক : বিজেপিৰ নিৰ্বাচনী সভাই নহয়, সাধাৰণ লোকেহে বিয়পাইছে কৰ’ণা : স্বাস্থ্যমন্ত্ৰী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং