23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিৰৱ ভূমিকাত স্বাস্থ্য বিভাগ, চিকিৎসকৰ হেমাহিৰ বাবে কন্যা সন্তানৰ মৃত্যুৰ অভিযোগ

    নিৰৱ ভূমিকাত স্বাস্থ্য বিভাগ, চিকিৎসকৰ হেমাহিৰ বাবে কন্যা সন্তানৰ মৃত্যুৰ অভিযোগ : গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ সুৰক্ষাক লৈ চৰকাৰে কেইবাখনো আঁচনি ৰূপায়ণ কৰিলেও বাস্তৱত ভেকোঁভাওনাত পৰিণত হৈছে এনে সকলো আঁচনি। স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালত এগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ পিছতে সন্তানটিয়ে মৃত্যুক সাৱতিব লগা হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

    অভিযোগ অনুসৰি, শিলচৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰসূতি বিভাগত এখন বিছনাতে দুগৰাকীকৈ প্ৰসূতিক ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে। এই লৈ প্ৰসূতিৰ পৰিয়ালে চিকিৎসক-নাৰ্ছৰ ওচৰত অভিযোগ দাখিল কৰিলেও চিকিৎসক-নাৰ্ছৰ পৰা দুৰ্বব্যৱহাৰহে লাভ কৰিবলগা হৈছে।

    একেখন বিছনাতে দুগৰাকীকৈ প্ৰসূতিয়ে প্ৰসৱ যন্ত্ৰণাত চটফটাই থকাৰ পিছতো চিকিৎসক-নাৰ্ছে কোনো সঠিক চিকিৎসা প্ৰদান নকৰাৰ বাবেই নিয়তী শুক্লবৈদ্য নামৰ প্ৰসূতি গৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে আৰু কন্যা সন্তানটো মৃত্যুমুখত পৰে বুলি অভিযোগ তুলিছে প্ৰসূতিগৰাকীৰ ভাগিনে।

    এই ঘটনাৰ পাছতে চিকিৎসালয়খনৰ এনে কাণ্ডৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ ওচৰত দাবী জনাইছে প্ৰসূতিগৰাকীৰ পৰিয়ালে।

    আৰু পঢ়ক : দৰিদ্ৰতাৰ তাড়না সহিব নোৱাৰি কিশোৰীৰ আত্মহত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং