কমনৱেল্থ গেমছত স্বৰ্ণ জয় কৰা নয়নমণি শইকীয়ালৈ DSP পদ, প্ৰদান কৰিব ৫০ লাখ টকা

0
274

আজি বিয়লি জনতা ভৱনত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকত কমনৱেল্থ গেমছত স্বৰ্ণ পদক জয় কৰা অসম কন্যা নয়নমণি শইকীয়াক উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে এই কথা জানিব দিয়ে ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

সংবাদমেলত মহন্তই লগতে কয় যে, চৰকাৰৰ তৰফৰ পৰা নয়নমণিক ৫০ লাখ টকা প্ৰদান কৰা হ’ব।

আনহাতে বন বিভাগত ডেপুটি কামাণ্ডেন্ট পদৰ বাবেও খেলুৱৈগৰাকীক প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বাৰ্মিংহাম কমনৱেল্থ গেমছৰ লন বলত ভাৰতীয় মহিলা দলে স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছিল।

চাৰিজনীয়া ভাৰতীয় মহিলা দলটোৰ অন্যতম সদস্য আছিল অসমৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ নয়নমণি শইকীয়া।