30 C
Guwahati
Friday, August 5, 2022
More

    ভাৰোত্তোলনৰ পাছত এইবাৰ মল্লযুঁজত পদকৰ বৰষুণ কৰিব ভাৰতীয় খেলুৱৈয়ে, ৪টা সোণ প্ৰায় নিশ্চিত

    ভাৰোত্তোলনৰ পাছত এইবাৰ মল্লযুঁজত পদকৰ বৰষুণ কৰিব ভাৰতীয় খেলুৱৈয়ে, ৪টা সোণ প্ৰায় নিশ্চিত

    ভাৰতীয় খেলুৱৈ বুলিয়েই এতিয়া ভাৰোত্তোলন আৰু মল্লযুঁজ যেন পৰিচিত নাম। সেয়া প্ৰমাণো কৰিলে ভাৰতীয় খেলুৱৈয়ে। চলিত কমনৱেলথৰ বাকৰিত ভাৰোত্তোলনতেই পদকৰ আৰম্ভণি কৰাৰ লগতে লাভ কৰে কেইবাটাও সোণ-ৰূপ-ব্ৰঞ্জৰ পদকো।

    এইবাৰ পাল মল্লযুঁজাৰু সকলৰ। আজিৰে পৰা মল্লযুঁজৰ ক্ষেত্ৰত পদকৰ বৰষুণ কৰাৰ ভাৰতীয় খেলুৱৈয়ে। ইতিমধ্যে চাৰিগৰাকীক সুদক্ষ খেলুৱৈয়ে স্থান লাভ কৰিছে ফাইনেল খেলত।

    চাৰিওগৰাকী সুদক্ষ খেলুৱৈৰ পৰা সোনৰ পদকো আশা কৰা হৈছে। সেই খেলুৱৈ কেইগৰাকী হৈছে বজৰংগ পুনিয়া, দীপক পুনিয়া, সাক্ষী মালিক আৰু অংশু মালিক।

    তাৰোপৰি ব্ৰঞ্জ পদকৰ যুঁজৰ বাবেও অৱতীৰ্ণ হব দুগৰাকী খেলুৱৈ। মোহিত গ্ৰেৱাল আৰু দিব্যা কাকৰানেও ব্ৰঞ্জৰ পদকৰ বাবে খেলত অৱতীৰ্ণ হবলৈ সাজু হৈছে।

    ইয়াৰে চাৰিটা পদক নিশ্চিত ভাবে ভাৰতলৈ জোলোঙালৈ আহিব। সকলোৱে আশা কৰিছে ৬গৰাকী খেলুৱৈয়েই যেন পদক আনে দেশৰ বাবে।

    ইয়াৰে ফাইনেলত উপনীত হোৱা কেউগৰাকী খেলুৱৈয়ে নিজ নিজ শাখাত হট ফেভাৰিট। বজৰংগ, দীপক, সাক্ষী আৰু অংশুৱে ছেমি ফাইনেলত বিৰোধীক ১ পইণ্টো নিদিয়াকৈ চূড়ান্ত পৰ্যায়ত উপনীত হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং