26 C
Guwahati
Tuesday, September 27, 2022
More

    কমনৱেল্থৰ পৰা আজি দশম দিনাও পদকৰ বৰষুণ, হকীৰ লগতে বক্সিঙতো ভাৰতীয় খেলুৱৈয়ে আনিলে কেইবাটও পদক

    কমনৱেল্থৰ পৰা আজি দশম দিনাও পদকৰ বৰষুণ, হকীৰ লগতে বক্সিঙতো ভাৰতীয় খেলুৱৈয়ে আনিলে কেইবাটও পদক

    ভাৰতীয় মহিলা হকী দলে বিচাৰকৰ ভুল সিদ্ধান্তৰ বলি হলেও আজি নিউজিলেণ্ডক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক জয় কৰে।

    বক্সিংত নীতু ঘাংঘাছে মহিলাৰ ৪৫-৪৮ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰে। চূড়ান্ত খেলখনত ইংলেণ্ডৰ ডেমি জাদেক ৫-০ গ’লত পৰাস্ত কৰে। কমনৱেলথ গেমছ ২০২২ ত এইটো ভাৰতৰ ১৪ তম স্বৰ্ণ পদক।

    পি ভি সিন্ধুৱেও মহিলাৰ একক ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। ছেমি ফাইনেলত তেওঁ ছিংগাপুৰৰ জিয়া মিনক ২১-১৯, ২১-১৭ ত পৰাস্ত কৰে। সিন্ধু এইবাৰ সোণৰ পদকৰ প্ৰবল দাবীদাৰ।

    ভাৰতীয় খেলুৱৈসকলে ট্ৰিম্পল জাম্পতো ইতিহাস ৰচে। ভাৰতৰ এল্ডহাচ পল আৰু আব্দুল্লাই সোণ আৰু ৰূপ দখল কৰে। এল্ডহাচে ১৭.০৩ মিটাৰ দূৰত্বৰ সৈতে সোণৰ পদক একে সময়তে, আব্দুল্লাহ আবুবেকাৰে ১৭.০২ মিটাৰ দূৰত্বৰ সৈতে ৰূপৰ পদক দখল কৰে।

    পুৰুষৰ ১০,০০০ মিটাৰ খোজকাঢি সন্দীপে ব্ৰঞ্জৰ পদক জিকে। তেওঁ ৩৮:৪২.৩৩ মিনিটত খোজকাঢ়া সমাপ্ত কৰি পদক লাভ কৰে।

    বেডমিণ্টনত লক্ষ্য সেনে পুৰুষৰ একক ছেমি ফাইনেল খেলখনত ছিংগাপুৰৰ জিয়া হেং তেহক ২১-১০, ১৮-২১, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ হৈ আৰু এটা পদক নিশ্চিত কৰিছে।

    মহিলাৰ জেভলিন থ্ৰো ইভেণ্টতো ভাৰতীয়ে খেলুৱৈয়ে পদক জয় কৰে। অন্নু ৰাণীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে।

    বৰ্তমানলৈ ভাৰতীয় খেলুৱৈয়ে ১৬ টা সোণ, ১২ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জ লাভ কৰি পদক তালিকাত পঞ্চম স্থানত আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং