26 C
Guwahati
Monday, September 26, 2022
More

    বিফল হিমা, কিন্তু মল্লযুঁজত এদিনতে ভাৰতলৈ আহিল ৩ টা সোণ, ১ টা ৰূপ, ২ টা ব্ৰঞ্জ

    বিফল হিমা, কিন্তু মল্লযুঁজত এদিনতে ভাৰতলৈ আহিল ৩ টা সোণ, ১ টা ৰূপ, ২ টা ব্ৰঞ্জ

    মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত মহিলাৰ ২০০ মিটাৰ দৌৰত অসম কন্যা হিমাই অসমৰ লগতে সমগ্ৰ ভাৰতবাসীৰ মন সেমেকা কৰি তোলাৰ বিপৰীতে মল্লযুঁজত এদিনতে ভাৰতৰ জোলোঙালৈ আহিল ৬ টাকৈ পদক।

    মাত্ৰ এটা দিনতে আধা দৰ্জন পদকেৰে কমনৱেল্থৰ বাকৰিত জিলিকি উঠিল ভাৰতীয় মল্লযোদ্ধা সকল। মল্লযুঁজত ভাৰতৰ তিনিগৰাকী খেলুৱৈয়ে সোণৰ পদক দখল কৰাৰ বিপৰীতে এগৰাকী খেলুৱৈয়ে ৰূপৰ পদক আৰু দুগৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    কমনৱেল্থৰ অষ্টম দিনটো যেন মল্লযুঁজাৰু সকলৰ নামত। বজৰং পুনিয়া, সাক্ষী মালিক, দীপক পুনিয়াই সোণ, অংশু মালিকে ৰূপ আৰু দিব্যা আৰু মোহিতে ব্ৰঞ্জ দখল কৰে।

    পুৰুষৰ ৬৫ কেজি শাখাত বজৰং পুনিয়াই কানাডাৰ খেলুৱৈক ৯-২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি সোণক পদকত চুমুক মাৰে। পুৰুষৰ ৮৬ কেজি শাখাত দীপক পুনিয়াই পাকিস্তানৰ প্ৰতিদ্বন্দ্বীক ৩-০ ত পৰাস্ত কৰে।

    আনহাতে মহিলাৰ ৬২ কেজি শাখাত সাক্ষী মালিকে কানাডাৰ খেলুৱৈক ৱাই ফলৰ জৰিয়তে ৪ পইণ্টত পৰাস্ত কৰি সোণৰ পদকৰ অধিকাৰী হয়।

    তাৰোপৰি অংশুই ৫৭ কেজি শাখাৰ ফাইনেনত ৩-৭ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপত পদকতে সন্তুস্ত হোৱাৰ বিপৰীতে দিব্যা কাকৰানে ৬৮ কেজি শাখাত ২-০ত আৰু মোহিত গ্ৰেৱালে ১২৫ কেজি শাকাত ৬-০ৰ ব্যৱধানত ব্ৰঞ্জ দখল কৰে।

    যাৰ ফলত বৰ্তমানলৈকে ভাৰতে লাভ কৰা মুঠ পদকৰ সংখ্যা হয়গৈ ২৬ টা। ইয়াৰে ৯ টা সোণ, ৮ চা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক আছে।

    আজিয়ো কেইবাটাও পদকৰ আগমণ হব ভাৰতৰ জোলোঙালৈ। টেবুল টেনিছ, মহিলাৰ শ্বট ফুট, মহিলাৰ ১০,০০০ মিটাৰ খোজ কাঢ়া, পুৰুষৰ ৩০০০ মিটাৰ খোজকাঢ়া, মহিলাৰ হেমাৰ থ্ৰোৰ লগতে মল্লযুঁজৰ ফাইনেল খেলত আছে কেইবাগৰাকী ভাৰতীয় খেলুৱৈ।

    আনহাতে মহিলাৰ ২০০ মিটাৰত বিফল হলেও হিমাই আজি অৱতীৰ্ণ হব মহিলাৰ ৪ × ১০০ মিটাৰ ৰীলেত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং