কমনৱেল্থত সিন্ধুৰ গোঁজৰণি, লাভ কৰিলে স্বৰ্ণ পদক

0
140

কমনৱেল্থত সিন্ধুৰ গোঁজৰণি, লাভ কৰিলে স্বৰ্ণ পদক। কমনৱেল্থৰ বাকৰিত আজি অনুষ্ঠিত হোৱা বেডমিণ্টনৰ চূড়ান্ত প্ৰতিযোগিতাত পি ভি সিন্ধুৱে জয়লাভ কৰি সোণৰ পদকত নিজৰ নাম লিপিবদ্ধ কৰে।

আজিৰ ফাইনেল খেলখন কানাডাৰ আগশাৰীৰ বেডমিণ্টন তাৰকা মিচেল লি (Michelle Li) আৰু ভাৰতীয় গৌৰৱ পি ভি সিন্ধুৰ মাজত অনুষ্ঠিত হৈছিল।

খেলখনত পি ভি সিন্ধুৱে ২১-১৫, ২১-১৩ৰ ব্যৱধানত মিচেলক পৰাস্ত কৰি ১৯ সংখ্যক স্বৰ্ণ জয় লাভ কৰে। বেডমিণ্টনত এয়া চলিত কমনৱেল্থৰ প্ৰথমটো একক শাখাৰ পদক।

ইয়াৰ পাছতে পুৰুষৰো একক শাখাৰ ফাইনেল খেল অনুষ্ঠিত হব। য’ত অংশ গ্ৰহন কৰিব ভাৰতৰ আন এগৰাকী তাৰকা শ্বাটলাৰ লক্ষ্য সেন। লক্ষ্যৰ পৰাও সোণ আশা কৰিছে সকলোৱে।

উল্লেখ্য যে, ২০১৪ চনৰ কমনৱেল্থত সিন্ধুৱে ব্ৰঞ্জ আৰু ২০১৮ চনৰ কমনৱেল্থত ৰূপৰ পদক জয়ৰ পাছত এইবাৰ ২০২২ৰ কমনৱেল্থত সোণৰ পদক লাভ কৰে।

বৰ্তমানে ভাৰতে কমনৱেলথ্ত ১৯ টা সোণ, ১৫ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ৫৬টা পদক লাভ কৰি পদক তালিকাত চতুৰ্থ স্থানত আছে।