28.5 C
Guwahati
Sunday, October 17, 2021
More

    মুখ্যমন্ত্ৰীৰে আছু প্ৰতিনিধিৰ বৈঠক; অসম চুক্তি ৰূপায়ণৰ বাবে সমিতি গঠন

    মুখ্যমন্ত্ৰীৰে আছু প্ৰতিনিধিৰ বৈঠক; অসম চুক্তি ৰূপায়ণৰ বাবে সমিতি গঠন

    অসম চুক্তিৰ সঠিক ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে এখন আঠ জনীয়া সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে। সমিতিখনত ৰাজ্য চৰকাৰৰ তিনিজন কেবিনেট মন্ত্ৰীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) পাঁচজন সদস্য থাকিব।

    মঙলবাৰে আছুৰ এটা ৪১ জনীয়া দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অসম চুক্তিৰ দ্ৰুত ৰূপায়ণ আৰু ৰাজ্যখনৰ অন্যান্য সামাজিক সমস্যা সমূহৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰী শৰ্মাৰ আমন্ত্ৰণত ছাত্ৰ সন্থাই এই বৈঠকত মিলিত হৈছিল।

    বৈঠকত উপস্থিত থকা আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই কয়, ‘সমিতিখনে তিনি মাহৰ ভিতৰত ৰোডমেপ প্ৰস্তুত কৰিব আৰু অসম চুক্তিৰ দ্ৰুত আৰু সময়সীমাবদ্ধ ৰূপায়ণৰ উপায়ৰ পৰামৰ্শ প্ৰদান কৰিব’।

    ছাত্ৰ সন্থাই অসমৰ পৰা নাগৰিকত্ব সংশোধনী আইন (কা) প্ৰত্যাহাৰ কৰাৰ দাবী পুনৰ উত্থাপন কৰে বুলিও ভট্টাচাৰ্যই কয়।

    তেওঁ লগতে কয়, ‘আমি মুখ্যমন্ত্ৰীৰ সন্মুখত আমাৰ মতামত ৰাখিছো আৰু মুখ্যমন্ত্ৰীয়েও কাৰ সমৰ্থনত মতামত দাঙি ধৰিছিল’।

    ইয়াৰ উপৰি ছাত্ৰ সন্থাই পৰিৱেশ তথা অসমৰ জনসাধাৰণৰ প্ৰতি ভাবুকি কঢিয়াই আনিব পৰা বৃহত নদীবান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈও আহ্বান জনায়।

    ‘অসম-বাংলাদেশ সীমান্ত ছীলৰ লগতে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আদি সকলো ক্ষেত্ৰতে আজিৰ বৈঠকত আলোচনা কৰা হৈছে। ২০০৫ চনৰ পিছত এয়া দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে আছুক আলোচনাৰ বাবে মাতিছিল’, বৈঠকত উপস্থিত থকা আছু প্ৰতিনিধিয়ে এইদৰে কয়।

    আনহাতে, ছাত্ৰ সংগঠনটোৱে লগতে স্কুলীয়া পাঠ্যক্ৰমত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নামত পাঠ সন্নিৱিষ্ট আৰু গুৱাহাটী ৰেইল ষ্টেশ্যনটো ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰাৰো দাবী উত্থাপন কৰে।

    আজিৰ এই বৈঠকত মন্ত্ৰী অতুল বৰা, পীযুষ হাজৰিকাৰ লগতে অন্যান্য বিভাগীয় বিষয়া উপস্থিত আছিল।

    আৰু পঢ়ক : মন্ত্ৰীয়ে ক’লে- আহি গ’ল কৰ’ণাৰ তৃতীয় ঢৌ! পুনৰ আৰোপ কৰিব পাৰে নিষেধাজ্ঞা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং