
জনতা ভৱনত প্ৰৱেশৰ বাবে পুনৰ এণ্ট্ৰি পাছ বা প্ৰৱেশ পত্ৰৰ ব্যৱস্থা আৰম্ভ
২০২১ৰ ১ জানুৱাৰী পৰা দিছপুৰস্থিত অসম সচিবালয় প্ৰশাসনে জনতা ভৱনৰ দৰ্শনাৰ্থীৰ বাবে পুনৰ প্ৰৱেশ পত্ৰ বা এণ্ট্ৰি পাছৰ ব্যৱস্থা আৰম্ভ কৰিছে। অৱশ্যে এই প্ৰৱেশ পত্ৰৰ ক্ষেত্ৰত থাকিব কিছু নিয়মাৱলী।
দিনটোৰ ভিতৰত মুঠ ১০০ খন প্ৰৱেশ পত্ৰৰ প্ৰদান কৰা হ’ব। ইয়াৰে ৫০ খন আগতীয়াকৈ অনলাইন যোগে আবেদন কৰাৰ বিপৰীতে ৫০ খন তাৎক্ষণিক আবেদৰ কৰাৰ বাবে ব্যৱস্থা ৰাখিব।
অনলাইন আৱেদনৰ বাবে http://103.8.249.88/applyonline লিংক ব্যৱহাৰ কৰাৰ বাবে জানিবলৈ দিছে অসম সচিবালয় প্ৰশাসনৰ তৰফৰ পৰা।

কিন্তু প্ৰৱেশৰ ক্ষেত্ৰত থাকিব কিছু নিয়মাৱলী…
অনলাইন যোগে আবেদন কিছু আগতীয়াকৈ কৰিব লাগিব।
তাৎক্ষণিক আবেদনৰ বাবে বয়সীয়াল লোক, বিশেষভাৱে সক্ষম লোকক অগ্ৰাধিকাৰ দিয়া হব।
প্ৰৱেশৰ সময়ত বৈধ পৰিচয় পত্ৰ লগত ৰাখিব লাগিব।
কভিড পৰীক্ষা কৰোৱা হব লাগিব।
মাস্ক পৰিধান কৰা বাধ্যতামূলক.
সামাজিক ব্যৱধান প্ৰয়োজন।
ৰাজহুৱা স্থানত থু-খেকাৰ পেলালে জৰিমনা।
আৰু পঢ়ক : ৩৭ দিনত ভৰি কৃষক আন্দোলনৰ, পুনৰ এজন কৃষকৰ মৃত্যু