14 C
Guwahati
Wednesday, January 19, 2022
More

    ১৫ বছৰ ধৰি অভিনয় জগতত কাম কৰি নানা পাটেকাৰৰ ‘হমচকল’ নাম পোৱা অভিনেতাৰ আত্মহত্যাৰ চেষ্টা

    ১৫ বছৰ ধৰি অভিনয় জগতত কাম কৰি নানা পাটেকাৰৰ ‘হমচকল’ নাম পোৱা অভিনেতাৰ আত্মহত্যাৰ চেষ্টা

    অভিনয় জগতত কাম কৰি কিছু নান উপাৰ্জন কৰিছিল। জনপ্ৰিয়ও হৈছিল। বহুতেই কব লৈছিল নানা পাটেকাৰৰ ‘হমচকল’ তথা ডুপ্লিকেট।

    পিছে সেই অভিনেতাগৰাকীৰে সদ্যহতে বিষপান কৰি আত্মহত্যাৰ চেষ্টা কৰে। অভিনেতা গৰাকী হৈছে তীৰ্থনন্দ। যিয়ে বিশেষকৈ হাস্যকৰ অভিনেতা হিচাপে নাম উপাৰ্জন কৰিছে।

    নানা পাটেকাৰৰ মিমিক কৰি জনপ্ৰিয় হোৱা তীৰ্থনন্দি পূৰ্বে বহু কমেডী অনুষ্ঠানৰ লগতে কপিল শৰ্মাৰ অনুষ্ঠানতো অংশ লৈছিল । পিছে বিগত দুটা বছৰৰ লকডাউনত বেয়াকৈ কঁকাল পৰে অভিনেতা গৰাকীৰ। মূৰ তুলি উঠিছিল হে তেনেতে মহাৰাষ্ট্ৰত অমিক্ৰণ ভাইৰাছৰ সন্ত্ৰাসে সকলো পণ্ড কৰি পেলালে।

    বেয়াকৈ আৰ্থিক সমস্যাত পৰি শেষত নিজকে শেষ কৰি দিবলৈ চেষ্টা কৰে। কিন্তু চুবুৰীয়াই কোনোমতে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায় তীৰ্থনন্দক।

    তীৰ্থনন্দই ২৭ ডিচেম্বৰ তাৰিখে আত্মহত্যাৰ চেষ্টা কৰিছিল। পিছত হাস্পতালত ৪ টা দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত সুস্থ হৈ ঘৰলৈ উভতি আহে। তেখেতে কয় নাম থিকেই হৈছিল কিন্তু হাত খালী হৈ পৰিল।

    উল্লেখ্য যে, পৰিয়াল বুলিবলৈ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ পৰিয়াল আছে যদিও লগত নাথাকে, আনহাতে পত্নীয়েও বহু বছৰ পূৰ্বেই বিবাহ বিচ্ছেদ কৰি সন্তান সহ আতৰি যোৱাৰে পৰা অকলশৰীয়াকৈ বাস কৰে তীৰ্থনন্দই। যাৰ বাবে অধিক বৃদ্ধি পাইছিল মানসিক চাপ।

    এতিয়া চিকিৎসক আৰু আৰক্ষীৰ বুজনিত দ্বিতীয়বাৰ তেনে কান নকৰে বুলি কথা দিয়ে। লগতে পুনৰ কপিল শৰ্মাৰ সৈতে কাম সন্দৰ্ভতো কথা পাতিব বুলি জানিবলৈ দিয়ে তীৰ্থনন্দই।

    আৰু পঢ়ক : ক’ভিড ভেকচিনৰ পৰা দূৰত ৰাখিবলৈ দুই পুত্ৰক ‘অপহৰণ’ মাতৃৰ, অভিযোগ দাখিল প্ৰাক্তন স্বামীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং