33 C
Guwahati
Monday, September 26, 2022
More

    মৃত্যুৰে যুঁজি যুঁজি অৱশেষত চিৰ বিদায় ল’লে ৰাজু শ্ৰীবাস্তৱে

    মৃত্যুৰে যুঁজি যুঁজি অৱশেষত চিৰ বিদায় ল’লে ৰাজু শ্ৰীবাস্তৱে। আজি ২১ ছেপ্টেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীয়ে।

    দেশৰ অতিকে জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ খবৰ পৰিয়ালৰ তৰফৰ পৰা সদৰি কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৮ বছৰ।

    হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেখেতক দিল্লীৰ এইমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

    ১০ আগষ্টত তেওঁক এইমছত ভৰ্তি কৰোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাছিল।

    উল্লেখ্য যে, ব্যায়াম কৰোঁতে হৃ্দক্ৰিয়া হৈ কৌতুক অভিনেতাজন হঠাতে বাগৰি পৰিছিল আৰু মূৰ্ছা গৈছিল।

    হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ পিছত, ৰাজু শ্ৰীবাস্তৱৰ মগজুও প্ৰভাৱিত হৈছিল, যাৰ ফলত তেওঁৰ মগজু ক্ষতিগ্ৰস্ত হৈছিল।

    কেইবাদিনো ধৰি হাস্পতালৰ আই চি ইউত ভেণ্টিলেটৰত থকাৰ পাছত অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানি চিৰ বিদায় লয়।

    তেখেত দেশৰ এগৰাকী অন্যতম কৌতুক অভিনেতা আছিল। বহু কেইটা কেমেডি অনুষ্ঠানত অংশ লোৱাৰ লগতে বহু কেইখন বলীউডৰ ছবিতো কাম কৰিছিল ৰাজু শ্ৰীবাস্তৱে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং