33 C
Guwahati
Monday, September 26, 2022
More

    হঁহুৱাই হঁহুৱাই শেষত কন্দুৱাই থৈ গ’ল কৌতুক জগতৰ অমিতাভ বচ্চনে…

    হঁহুৱাই হঁহুৱাই শেষত কন্দুৱাই থৈ গ’ল কৌতুক জগতৰ অমিতাভ বচ্চনে…

    তেখেত কৌতুক জগতৰ অমিতাভ বচ্চন আছিল। বিগ বিৰ কেইবাটাও চৰিত্ৰ ধৰি অতি সুন্দৰকৈ কৌতুক কৰিছিল তেওঁ। যাৰ বাবে বহুতেই কৌতুক জগতৰ অমিতাভ আখ্যা দিছিল তেখেতৰ। পাছে দেশৰ অগনন অনুৰাগীক হঁহুৱাই হঁহুৱাই অৱশেষত আজি ৫৮ বছৰ বয়সত সকলোকে কন্দুৱাই চিৰ বিদায় মাগিলে ।

    ৪১ দিন ধৰি দিল্লীৰ হাস্পতালত মৃত্যুৰে যুঁজি যুঁজি অৱশেষত আজি হাৰ মানিলে কমেডি তথা দেশৰ কৌতুক জগতৰ ৰজা ৰাজু শ্ৰী বাস্তৱে। সত্য প্ৰকাশ শ্ৰীবাস্তৱৰ পৰা ৰাজু শ্ৰীবাস্তৱ হোৱা ৰাজুৰ জীৱন আছিল বহু ওখ চাপৰ ঘাটৰ প্ৰতিঘাটৰ মাজৰ।

    মুম্বাইত অটো চলাই কৰ্মজীৱনৰ আৰম্ভণি কৰা ৰাজু শ্ৰীবাস্তৱৰ জন্ম হৈছিল ১৯৬৩ চনৰ ২৫ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰৰ এটা মধ্যবিত্ত পৰিয়ালত । পিতৃ আছিল এগৰাকী কবি।

    নাম সত্যপ্ৰকাশ হলেও কিন্তু ৰাজু বুলি হে অধিক সম্বোধন কৰিছিল লোকে। সেয়ে পাছলৈ ৰাজু নামকেই গ্ৰহন কৰে জীৱনত। জীৱন গঢ়াৰ বাবে কানপুৰৰ পৰা মুম্বাইলৈ অহাৰ পাছত হাতত নাছিল কোনো কাম।

    সেয়ে এটা সময়ত মুম্বাইৰ ৰাজপথত অটো চলাইছিল ৰাজুৱে। সেই ৰাজু শ্ৰীবাস্তৱে পাছলৈ লাফটাৰ চেলেণ্ডৰ জৰিয়তে সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰে। তাৰ পাছত কোনোদিনে পাছলৈ উভতি চাব লগা হোৱা নাই জীৱনত।

    বলীউডতো প্ৰৱেশ কৰে ৰাজুৱে। অনিল কাপুৰ আৰু মাধুৰী দীক্ষিত অভিনীত তেজাব চলচ্চিত্ৰৰ যোগেদি বলীউডৰ ছবিজগতত আত্মপ্ৰকাশ কৰিছিল।

    তাৰ পাছত মেইনে প্যাৰ কিয়া, বোম্বে টু গোৱা, ভাৱনাও কো ছমজো, বাজিগৰ, ম্যে প্ৰেম কি দিৱানী হু, আমদানী অত্থনী, বিগ ব্ৰাদাৰ, বাৰুদ, টইলেট এক প্ৰেম কথা আদিৰ দৰে ১৬ খনকৈ ছবিত কাম কৰিছিল।

    তাৰোপৰি দেখ ভাই দেখ, শক্তিমান, বিগ বছ, কমেডি কা মহা মুকাবলা, কমেডি চাৰ্কাচ, ৰাজু হাজিৰ হো, নাচ বলিয়ে আদিৰ দৰে জনপ্ৰিয় টিভি অনুষ্ঠানতো অংশ লৈছিল ৰাজুৱে।

    সক্ৰিয় ৰাজনীতিত যোগদান কৰিছিল তেখেতে। প্ৰথমতে সমাজবাদী পাৰ্টিয়ে তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট দিছিল যদিও ৰাজুৱে সেয়া ঘূৰাই দিছিল।

    কৌতুক অভিনেতাজনে অভিযোগ কৰিছিল যে স্থানীয় নেতাসকলে তেওঁক সহায় কৰা নাছিল। পিছত তেওঁ বিজেপিত যোগদান কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘স্বচ্ছ ভাৰত’ অভিযানৰো অংশ আছিল কৌতুক অভিনেতাগৰাকী।

    কিন্তু শেষত দিল্লীলৈ কোনো ৰাজনৈতিক দলৰ বিশিষ্ট নেতাক লগ কৰিবলৈ গৈ আৰু ঘুৰি আহিব নোৱাৰিলে।

    দিল্লীত বাহৰ পাতি থকাৰ সময়তে আজিৰ পৰা ৪১ দিন পূৰ্বে পুৱাৰ সময়ত ব্যায়াম কৰি থকা অৱস্থাতে হঠাতে বুকুৰ বিষ আৰম্ভ হয় আৰু হাস্পতালত ভৰ্তি হয়। অৱশেষত আজি মৃত্যুৰ শীতল শেতেলিত ঢলি পৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং