ভয়ংকৰ পথ দুৰ্ঘটনা ! বাছ-পিক-আপ ভানৰ মুখামুখি সংঘৰ্ষ, চাৰিজন নিহত

0
308
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভয়ংকৰ পথ দুৰ্ঘটনা ! বাছ-পিক-আপ ভানৰ মুখামুখি সংঘৰ্ষ, চাৰিজন নিহত

দেওবাৰে মহাৰাষ্ট্ৰৰ য়াৱতমালত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জিলাখনৰ এখন ৰাজ্যিক পৰিবহণ বাছৰ সৈতে এখন পিক-আপ ভানৰ মুখামুখি সংঘৰ্ষ হৈছে। দুৰ্ঘটনাটোৰ ফলত চাৰিজন লোক নিহত হয়।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি দেওবাৰে পুৱা প্ৰায় ১০.২৫ বজাত নেৰ চহৰৰ পৰা অমৰাৱতীলৈ যোৱা পথত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। যৱতমালৰ পৰা এখন পিক-আপ ভানত থকা সাতজন যাত্ৰী অমৰাৱতীলৈ গৈ আছিল।

সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।দুৰ্ঘটনাটোৰ ফলত ভানখনৰ দুজন আৰোহীৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে আন দুজন চিকিৎসালয়ত মৃত্যুবৰণ কৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে বাছ চালকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু চালকজনত আৰক্ষীৰ জিম্মাত লোৱা হৈছে।