এখন এম্বুলেঞ্চৰ সৈতে ৪ খনকৈ বাহনৰ ভয়ংকৰ মুখামুখী সংঘৰ্ষ, ৫ গৰাকীৰ মৃত্যু -১৫ আহত, ৩ গৰাকীৰ অৱস্থা সংকটজনক

0
354

এখন এম্বুলেঞ্চৰ সৈতে ৪ খনকৈ বাহনৰ ভয়ংকৰ মুখামুখী সংঘৰ্ষ, ৫ গৰাকীৰ মৃত্যু -১৫ আহত, ৩ গৰাকীৰ অৱস্থা সংকটজনক

ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন এম্বুলেঞ্চলৰ সৈতে ভয়ংকৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয় চাৰিখনকৈ বাহনৰ। যি দুৰ্ঘটনাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱাই ৫গৰাকী লোকে।

তাৰ বাহিৰেও অন্য ১৫ গৰাকী আহত হয়, যাৰ ভিতৰত ৩ গৰাকীৰ অৱস্থা অতিকে সংকটজনক বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে মায়ানগৰী মুম্বাইত।

বান্দ্ৰা বৰ্লী লিংকট ৫ অক্টোবৰৰ পুৱাই সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। যি দুৰ্ঘটনাৰ বাবে এখন এক্স ইউ ভি বাহনৰ চালকক দায়ী বুলি ধৰা হৈছিল। চিচি টিভি কেমেৰাৰ লগতে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি বেয়াকৈ বাহন খন চলাই আহিছিল চালকগৰাকীয়ে।

যাৰ পাছতে আৰক্ষীয়ে তদন্ত চলাই সেই এক্স ইউ ভি বাহনখনৰ চালক ইৰফান আব্দুল ৰহীমক আজি আটক কৰিবলৈ সক্ষম হয়। আব্দুলৰ বিৰুদ্ধে ধাৰা ৩০৪ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, সেই ঠাইত পূৰ্বতে এক দুৰ্ঘটনা সংঘটিত হৈছিল, যি দুৰ্ঘটনাৰেই আহতক নিবলৈ সেই এম্বুলেঞ্চখন আহিছিল। লগতে জুম বান্ধিছিল বহু লোকে।

পাছে সেই সময়তেই ঘটনাস্থলীত এখন তীব্ৰবেগে অহা এক্স ইউ ভি বাহনে এম্বুলেঞ্চখনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ লগতে তাত উপস্থিত থকা লোক সকলকো এফালৰ পৰা মহতিয়াই নিয়ে।