ৰাজ্যত শোকাহব পথ দুৰ্ঘটনা! ট্ৰেক্টৰে পিছফালৰ পৰা মহটিয়াই নিয়ে স্কুটীক, থিতাতে নিহত কলেজীয়া ছাত্ৰী…

0
3502
প্ৰতিধিত্বমূলক চিত্ৰ

ৰাজ্যত শোকাহব পথ দুৰ্ঘটনা! ট্ৰেক্টৰৰ পিছফালৰ পৰা মহটিয়াই নিয়ে স্কুটীক, থিতাতে নিহত কলেজীয়া ছাত্ৰী…

ৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনাৰ। মাটি কঢ়িওৱা ট্ৰেক্টৰ আৰু স্কুটীৰ সংঘৰ্ষত থিতাতে প্ৰাণ গ’ল এগৰাকী কলেজীয়া ছাত্ৰী। এই দুৰ্ঘটনাত স্থান হৈছে হোজাই জিলাৰ লংকাৰ ডাবলং অঞ্চল।

মৃত ছাত্ৰীগৰাকীৰ নাম সংগীতা সৰকাৰ (১৮) বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, লংকা জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল সংগীতা সৰকাৰ।

এই দুৰ্ঘটনাত একেখন কলেজৰে আছমিনা ছিদ্দিকা নামৰ এগৰাকী সহপাঠী ছাত্ৰীও গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে দুয়োগৰাকী ছাত্ৰীয়ে লংকাৰ জুনিয়ৰ কলেজলৈ স্কুটীত উঠি গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

মাটি কঢ়িওৱা ট্ৰেক্টৰে পিছফালৰ পৰা মহটিয়াই নিয়ে স্কুটীখনক যাৰ ফলত স্কুটীৰ চালক আৰু পিছফালে বহি অহা ছাত্রী দুগৰাকী ছিটিকি পৰে। আনগৰাকী ছাত্রী স্কুটীৰ চালক আছমিনা ছিদ্দিকাক লংকা প্রাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়।