পানী কঢ়িওৱা গাড়ীৰ খুন্দাত মৃত্যু গুৱাহাটী কলেজৰ প্ৰথম বৰ্ষৰ এজন ছাত্ৰৰ

0
2519

গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন কলেজীয়া ছাত্ৰৰ মৃত্যু ঘটিছে। ছাত্ৰজন গুৱাহাটী কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ।

পানী কঢ়িওৱা গাড়ীৰ খুন্দাত নিহত হোৱা ছাত্ৰজনক বিকিৰণ সিনহা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, দেওবাৰে ৰাতিপুৱা প্ৰায় ৭.৪০ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো।

পানী কঢ়িওৱা গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰজনক আৰক্ষীয়ে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইফালে, ছাত্ৰজনৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ পৰিয়ালৰ লগতে আত্মীয় তথা বন্ধুবৰ্গ।

উল্লেখ্য যে, শনিবাৰে নিশা আৰু দেওবাৰে ৰাতিপুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা পথ দুৰ্ঘটনাত এতিয়ালৈকে ছয়জন লোকে প্ৰাণ হেৰুওৱাৰ খবৰ আহিছে।