চিলাই শিকিবলৈ বুলি মাতি কলেজীয়া ছাত্ৰীক ধৰ্ষণ ! পত্নীৰ উপস্থিতেই ধৰ্ষণৰ অভিযোগ

0
2244

চিলাই শিকিবলৈ বুলি মাতি কলেজীয়া ছাত্ৰীক ধৰ্ষণ ! পত্নীৰ উপস্থিতেই ধৰ্ষণৰ অভিযোগ। ছাত্ৰীৰ অভিযোগৰ পাছতেই আৰক্ষীয়ে আটক কৰিছে ধৰ্ষণৰ অভিযুক্তক।

লখিমপুৰ জিলাৰ বিহপুৰীয়াত সংঘটিত হৈছে এই ঘটনা। অভিযুক্তই নিজৰ ঘৰতে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ।

ছাত্ৰী গৰাকীয়ে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি, ধৰ্ষণকাৰীৰ নাম মইদুল ইছলাম। মইদুলৰ ঘৰতে সংঘটিত হৈছে এই ঘটনা।

কাটিং তথা চিলাই শিকিবলৈ গৈছিল মইদুলৰ ঘৰত। ছাত্ৰীগৰাকীক ফোন কৰি মাতিছিল চিলাই শিকিবলৈ।

পত্নী ঘৰত থকাৰ সময়তে স্বামীয়ে ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক। কালি ২৪ আগষ্ট বুধবাৰে দিনৰ প্ৰায় ২.৩০ মান বজাত সংঘটিত হৈছে এই ঘটনা।

কলেজৰ পৰা বাহিৰে বাহিৰে গৈছিল চিলাই শিকিবলৈ। ছাত্ৰীগৰাকীয়ে কয় যে, স্বামী-স্ত্ৰী দুয়ো শিকাই চিলাই তথা কাটিং। ঘটনাৰ দিনাও কাটিং শিকাবলৈ বুলি ফোন কৰি মাতি নিছিল ছাত্ৰীগৰাকীক।

দাখিল কৰা অভিযোগ অনুসৰি, ঘটনাৰ সময়ত মইদুলৰ ঘৰত মইদুলৰ লগতে পত্নীয়ো উপস্থিত আছিল। পত্নীয়ে সেই সময়তে দুপৰীয়াৰ আহাৰ গ্ৰহন কৰি আছিল।

আনহাতে অন্য এটা কোঠাত স্বামী মইদুলে মুখত চেপা মাৰি ধৰি অসৎ কাৰ্য সংঘটিত কৰে ছাত্ৰীৰ সৈতে। পত্নীয়ে হেনো সকলো জনাৰ পাছতো কোনো স্থিতি গ্ৰহন নকৰে ছাত্ৰীগৰাকীৰ ৰক্ষাৰ ক্ষেত্ৰত।

স্থানীয় ৰাইজে দিয়া অভিযোগ অনুসৰি, মইদুলে এই কাৰ্ষ সংঘটিত কৰাৰ লগতে মোবাইলতো আৱদ্ধ কৰি ৰাখে সকলো।

ঘটনাৰ পাছতে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীক কাষ চাপি অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিতে আটক কৰে মইদুলক।