29 C
Guwahati
Saturday, August 13, 2022
More

    অৱশেষত আৰক্ষীৰ জালত প্ৰেমিকক হত্যা কৰা কলেজীয়া ছাত্ৰী ৰুনীমা পাৰভীন

    ১৯ আগষ্টত চুৰিৰে হাঁনি-ঘুচি হত্যা কৰিছিল প্ৰেমিক ম‌ইদুল ইছলামক।

    বৰপেটা চহৰৰ মেটুৱাকুছিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুনীমা পাৰভীনক৷ ১৯ আগষ্টত ৰুনীমা পাৰভীন নামৰ ছাত্ৰীগৰাকীৰ চুৰিকাঘাটত ৰহস্যজনকভাৱে নিহত হৈছিল লম্পট প্ৰেমিক৷

    মৃত প্ৰেমিক ম‌ইদুল ইছলাম

    বি বি কে কলেজৰ সমীপত ছাত্ৰীগৰাকীৰ চুৰিকাঘাটত নিহত হৈছিল প্ৰেমিক ম‌ইদুল ইছলাম ৷ ঘটনাৰ পিছৰেপৰাই পলাতক হৈ আছিল যুৱতীগৰাকী। ঘটনাটো সংঘটিত হোৱাৰ ৪ দিন পিছত আজি গ্ৰেপ্তাৰ কৰে ছাত্ৰীগৰাকীক।

    বি বি কে কলেজৰ বিজ্ঞান শাখাৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী ৰুনীমা। ছাত্ৰীগৰাকীক প্ৰৱঞ্চনা কৰা মইদুলে মৃত্যুৰ তিনিদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল আন এগৰাকী যুৱতীৰ সৈতে৷ প্ৰেমিকৰ প্ৰৱঞ্চনাৰ বাবেই ঘটনাতো সংঘটিত কৰাৰ সন্দেহ ৰাইজৰ৷

    Barpeta | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং