বন্যাৰ্তলৈ মূখ্যমন্ত্ৰীৰ সাহায্য ! মধ্যস্থতাকাৰী অবিহনে একাউণ্টত সোমাব ধন

0
121

বন্যাৰ্তলৈ মূখ্যমন্ত্ৰীৰ সাহায্য ! মধ্যস্থতাকাৰী অবিহনে একাউণ্টত সোমাব ধন

জনতা ভৱনত শনিবাৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰে । সংবাদমেলত ৰাজ্যত বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান দিয়ে মূখ্যমন্ত্ৰীয়ে।

সংবাদমেল খনত মূখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যৰ শেহতীয়া দুয়োটা বানত ৩৪ খন জিলা ক্ষতিগ্ৰস্ত হৈছে । এইবাৰ ১৫২ খন ৰাজহ চক্ৰৰ অন্তৰ্গত ৯,৯১৮ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে।

আনহাতে এই বানৰ ফলত ১৯৫ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে বানপানী আৰু ভূমিস্খলনত সন্ধানহীন ৩৭ জন লোকক এতিয়াও বিচাৰি পোৱা নাই ।

দুয়োটা বানত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক চৰকাৰে ৪ লাখ টকাকৈ প্ৰদান কৰিব বুলি মূখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।কোনো মধ্যস্থতাকাৰী অবিহনে এই ক্ষতিপূৰণ পাব বন্যাৰ্তই ।

ক্ষতিপূৰণ বেংক একাউণ্টত হে দিয়া হ’ব। তেওঁ লগতে কৈছে যে অসমৰ ইতিহাসত মই এনেকুৱা বান কেতিয়াও দেখা নাছিলো। বানত আৱদ্ধ হৈ থকা প্ৰায় ১ লাখ মানুহক উদ্ধাৰ কৰা হৈছিল।

এই সময়ছোৱা যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল বুলিও মূখ্যমন্ত্ৰীয়ে কয়। ভয়াৱহ বানত ৫৪ ,৮৩৭ টা পশুধনৰ মৃত্যু ঘটাৰ লগতে ২,৮০,০৯৬ হেক্টৰ ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে।

চলিত বৰ্ষৰ দুয়োটা বানত প্ৰায় ৭ লাখ ৪২ হাজাৰ ২৫০ জন লোক আশ্ৰয় শিবিৰত আছিল। আশ্ৰয় শিবিৰ বোৰত ২ লাখ ১৯ ,২৯৮ কুইণ্টাল চাউল আৰু৭ লাখ লিটাৰ মিঠাতেল বিতৰণ কৰা হয়।

মূখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে বানত ক্ষতিগ্রস্ত ১,৮১,৮৫৯ টা পৰিয়াল ৩৮০০ টকাকৈ দিয়া হৈছে ।মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধনেৰে শিক্ষাৰ্থীলৈ ১০০০ টকাকৈ বিতৰণ কৰাৰ কথাও সংবাদমেল খনত মূখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ।

চলিত বানত কাছাৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।জিলা খনত মুঠ ১২,৪৮৬ টা ঘৰ সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈছে বুলিও মূখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।