ভাইৰেল ভিডিঅ’, বোকাত পোত যোৱা ছেণ্ডেল তুলি দি সহায়ৰ চেষ্টা মুখ্যমন্ত্ৰীৰ

0
2357

ভাইৰেল ভিডিঅ’, বোকাত পোত যোৱা ছেণ্ডেল তুলি দি সহায়ৰ চেষ্টা মুখ্যমন্ত্ৰীৰ

মুহুৰ্ততে ভাইৰেল হৈ পৰিছে এটা ভিডিঅ। বোকাত পোত যোৱা ছেণ্ডল তুলি দিবলৈ চেষ্টা কৰে মুখ্যমন্ত্ৰীয়ে। লগে লগে ভাইৰেল হৈ পৰে সেই ভিডিঅ।

আজি ছিপাঝাৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী , সেই বোকাৰ মাজতেই কাৰোবাৰ ছেণ্ডেল পোত গৈ থকা দেখিবলৈ পায়।

লগে লগে সেই বোকাৰ পৰা ছেণ্ডেল তুলিবলৈ ধৰে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে লগতে থকা দেহৰক্ষীয়ে লগে লগে তুলি দিয়ে ছেণ্ডেলপাত, অন্য লোকেও বাধা দিয়ে মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত লগা বোকাও মছি দিয়ে।

সেই সময়ত মুখ্যমন্ত্ৰীৰ লগতে আছিল বহু লোক। আগে আগে সাংবাদিকৰ দল। লগত আছিল দেহৰক্ষী আৰু বান পীড়িত লোক। কিন্তু অন্য কাৰোৰে চকুত নপৰে বোকাত আধা পোত যোৱা ছেণ্ডেল পাত।

মুখ্যমন্ত্ৰীৰ চকুত পৰাৰ লগে লগে চিঞৰি উঠে কাৰ ছেণ্ডল বুলি আৰু তুলিবলৈ ধৰে। কোনো সাংবাদিকৰে সেই ছেণ্ডেল চিঙি বোকাত পোত যোৱাৰ সন্দেহ। মুখ্যমন্ত্ৰীয়ে এনেদৰে সহায় কৰা কাৰ্যত সকলোৱে তবধ মানিছে।

লগে লগে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰে এই ভিডিঅ।