বিজেপি চৰকাৰে সকলো ধৰ্মৰ লোকক মৰ্যাদা সহকাৰে সুৰক্ষা দিছে : মুখ্যমন্ত্ৰী সোণোৱাল

0
144
বিজেপি চৰকাৰে সকলো ধৰ্মৰ লোকক মৰ্যাদা সহকাৰে সুৰক্ষা দিছে : মুখ্যমন্ত্ৰী সোণোৱাল

চেঙা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অগপ মনোনীত প্ৰাৰ্থী ৰবিউল হুছেইনৰ সমৰ্থনত আজি বৰপেটাৰ বহৰিত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় বিজেপি চৰকাৰে |

বহৰি মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।

তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যত গোষ্ঠীগত সংঘৰ্ষ হৈছিল৷ এই সংঘৰ্ষত সংখ্যালঘু লোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল।

কিন্তু বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ কোনো ঠাইত গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই বুলি তেওঁ উল্লেখ কৰে।

বিজেপি চৰকাৰে সকলো ধৰ্মৰ লোকক মৰ্যাদা সহকাৰে সুৰক্ষা দিয়া বুলিও তেওঁ কয়।

আনহাতে অসমত বসবাস কৰা প্ৰতিগৰাকী ভূমিহীন নাগৰিকক মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী সোণোৱালে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

সভাখনত অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু অগপ প্ৰাৰ্থী ৰবিউল হুছেইনেও ভাষণ প্ৰদান কৰে৷

আৰু পঢ়ক : বিধ্বংসী অগ্নিকাণ্ড; ৯ টা গৃহ ভস্মীভূত, কমেও ৭০ লাখ টকাৰ সামগ্ৰী জুইত জাহ