শিক্ষা বিভাগত ৭২৩ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0
475
শিক্ষা বিভাগত ৭২৩ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিক্ষা বিভাগত ৭২৩ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্চ শিক্ষা আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৭২৩ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰে।

ইয়াৰে ১৪০ গৰাকী প্ৰাৰ্থীক সহকাৰী অধ্যাপক পদত, ১৬ গৰাকীক মহাবিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ পদত, ১৯ গৰাকীক অনুকম্পামূলক নিযুক্তি আৰু প্ৰাদেশিকীকৰণযোগে ৮৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫৬০ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়।

নিযুক্তিপত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘অহা এবছৰৰ ভিতৰত এক লাখ নিযুক্তি সম্পন্ন কৰা হ’ব। অহা বছৰতে ৭০০ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ় দিয়া হ’ব৷ গঢ় দিয়া হ’ব নতুনকৈ কেইবাখনো বিশ্ববিদ্যালয়’।

ইয়াৰ উপৰি অহা বৰ্ষৰ ১০ মে’ অৰ্থাত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথম বৰ্ষপুতিত শিক্ষা বিভাগত ২২ হাজাৰ লোকক নিযুক্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে এই অনুষ্ঠানত উপস্থিত থকা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে অলপতে অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাৰ ফলাফল অতি শীঘ্ৰে প্ৰকাশ পাব বুলি জনায়।

আজিৰ নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্তৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আৰু পঢ়ক : এক বিশেষ উদ্দেশ্য লৈ বিৰোধীৰ নেতাৰ সৈতে বৈঠকত বহিল লোকসভাৰ অধ্যক্ষ