31 C
Guwahati
Tuesday, September 27, 2022
More

    মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দৰঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

    এগৰাকী বনকৰা কিশোৰীৰ মৃত্যুৰ তদন্তত গাফিলতি কৰাৰ অভিযোগত দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয়ক তাতক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

    আজি মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে কিশোৰীগৰাকীৰ ঢেকিয়াজুলিস্থিত বাসগৃহত উপস্থিত হৈ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰাৰ পিছতে এই নিৰ্দেশনা জাৰি কৰে।

    উল্লেখ্য যে যোৱা ১১ জুনত ধূলা নিবাসী কৃষ্ণ কমল বৰাৰ বাসগৃহত ১৩ বছৰীয়া কিশোৰীগৰাকীৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল।

    কিশোৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা উত্থাপিত অভিযোগ অনুসৰি ঘটনাৰ ফটোগ্ৰাফ আৰু ভিডিঅ’ প্ৰমাণ সংগ্ৰহত আৰক্ষীয়ে কৰ্তব্যৰ চৰম অবজ্ঞা কৰাৰ উপৰি ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ভুক্তভোগীৰ পৰিয়ালক অস্বাভাৱিক মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল নকৰিবলৈ হেচা প্ৰয়োগ কৰিছিল।

    উক্ত অভিযোগক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ভাস্কৰ জ্যোতি মহন্তই ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ বাবে তিনিজনীয়া বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰিবলৈ কয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি এছ আই টিৰ তিনিগৰাকী সদস্যৰ দুগৰাকী মহিলা হ’ব।

    ইয়াৰ উপৰি, ভুক্তভোগী পৰিয়ালটোক এটা চৰকাৰী ঘৰ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

    আনহাতে পৰিয়ালটোক অৰুণোদয় আঁচনিত অন্তৰ্ভু্ক্ত কৰিবলৈও শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ প্ৰদান কৰে।  

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং