উপ-নিৰ্বাচনত জয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, উত্তৰ প্ৰদেশত জয় যাত্ৰা অব্যাহত বিজেপিৰ

0
115

দুখন ৰাজ্যৰ মুঠ তিনিখন লোকসভা আসনৰ উপৰি আন চাৰিখন ৰাজ্যৰ ৭ খন বিধানসভা আসনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ পিছত আজি চলি থকা ভোট গণনাত কিছু আসনৰ ফলাফল প্ৰকাশ পাইছে।

জানিব পৰা অনুসৰি আম আদমী পাৰ্টিৰ প্ৰাৰ্থী দুৰ্গেশ পাঠকে দিল্লীৰ ৰাজিন্দৰ নগৰ বিধানসভা আসনৰ পৰা ১১৫৫৫টা ভোটত জয়লাভ কৰিছে।

ইফালে উত্তৰ প্ৰদেশৰ ৰামপুৰ আসনখন সমাজবাদী পাৰ্টীৰ পৰা নিজৰ দখলত আনিলে বিজেপিয়ে।

চাৰিখন আসনৰ বাবে ত্ৰিপুৰাত অনুষ্ঠিত উপ-নিৰ্বাচনৰ কেইটামান সমষ্টিৰ ফলাফল প্ৰকাশ পাইছে। জুবৰাজনগৰ আৰু টাউন বাৰদোবালীৰ পৰা বিজেপি প্ৰাৰ্থী জয়ী হৈছে। আগৰতলা সমষ্টিত কংগ্ৰেছে বিজয়ৰ শেষ হাঁহি মাৰিছে।

আনহাতে চুৰমাত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে টাউন বাৰদোবালীৰ পৰা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জয়ী হয়।