29 C
Guwahati
Sunday, September 19, 2021
More

    ”বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ লগ হোৱাটো অত্যন্ত আৱশ্যক” কংগ্ৰেছৰ লগত হাত মিলাব মমতাই…

     পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীক দিল্লীত সাক্ষাত কৰে। চলিত বৰ্ষত বিধানসভা নিৰ্বাচনত দল দুটাই বিৰোধীতা কৰাৰ পিছত তেওঁলোকৰ মাজত এয়া প্ৰথম সাক্ষাত। ২০২৪ চনৰ নিৰ্বাচনত দুয়োটা দলে বিজেপিৰ বিৰুদ্ধে একলগ হ’বৰ বাবে এই বৈঠক অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে। বৈঠকৰ পিছত মমতাই কয় যে ‘‘বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ লগত একলগ হোৱাটো অত্যন্ত জৰুৰী”।

    উল্লেখ্য যে, মমতা বেনাৰ্জীয়ে ৫ দিনৰ বাবে দিল্লীলৈ গৈছে। ছোনীয়া গান্ধীৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে আন কংগ্ৰেছ নেতাকো লগ কৰে।

    ৪৫ মিনিট ধৰি চলা বৈধকৰ অন্তত মমতাই কয় যে ”এয়া ভাল, সকৰাত্মক বৈঠক আছিল। বিজেপিক পৰাস্ত কৰিবলৈ সকলো একলগ হোৱাটো অত্যন্ত জৰুৰী। সকলোৱে লগ হৈ কাম কৰিম”।

    উল্লেখ্য যে, মমতা বেনাৰ্জীয়ে প্ৰায়েই বিজেপি চৰকাৰক উদ্দেশ্য কৰি কটাক্ষ কৰা দেখা যায়। পেগাচচ বিতৰ্কৰ ওপৰটো বিজেপি চৰকাৰৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য প্ৰদান কৰিছিল মমতা বেনাৰ্জীয়ে।

    আৰু পঢ়ক : লোকসভাত অভব্য আচৰণ, নিলম্বিত হ’ব পাৰে এইসকল সাংসদ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং