28 C
Guwahati
Friday, September 17, 2021
More

    অসম-মেঘালয় সীমা বিবাদ; ১২ টা বিতৰ্কিত স্থানক নিজৰ বুলি দাবী দুয়ো পক্ষৰ

    অসম-মেঘালয় সীমা বিবাদ; ১২ টা বিতৰ্কিত স্থানক নিজৰ বুলি দাবী দুয়ো পক্ষৰ

    অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমাকেন্দ্ৰিক বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শ্বিলঙৰ মেঘালয় সচিবালয়ৰ যোজনা ভৱনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ কৰে আৰু দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰে।

    আলোচনাৰ সময়ত, মেঘালয় চৰকাৰে ৰাজ্যখনৰ ১২ টা বিতৰ্কিত স্থান তেওঁলোকৰ বুলি দাবী কৰাৰ বিপৰীতে অসম চৰকাৰে সেই ঠাইবোৰ অসমৰ বুলি নথিপত্ৰৰ দ্বাৰা জনায়।

    বিতং আলোচনাৰ পিছত, দুয়োখন চৰকাৰে এক ব্যৱহাৰিক দৃষ্টিভংগী অৱলম্বন কৰাৰ আৰু স্থিতিৰ পৰা সমাধানলৈ যোৱাৰ সিদ্ধান্ত লয়।

    সকলো ১২ টা ঠাইৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিবলৈ আৰু দাবীবোৰ পুনৰীক্ষণ কৰিবলৈ সন্মত হয়। আৰু সম্ভৱ হ’লে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে সকলো ১২ টা স্থান ভ্ৰমণ কৰিব।

    তদুপৰি, মুখ্যমন্ত্ৰী শৰ্মাই ৬ আগষ্টত মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাক গুৱাহাটীত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনায়।

    মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে অসম চৰকাৰক মুখ্য সচিব জিষ্ণু বৰুৱা, ডিজিপি ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু আয়ুক্ত আৰু সচিব (সীমান্ত সুৰক্ষা আৰু উন্নয়ন) জিডি ত্ৰিপাঠীয়ে প্ৰতিনিধিত্ব কৰে।

    মেঘালয় চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীৰ সৈতে মুখ্য সচিব এম এছ ৰাও, অতিৰিক্ত মুখ্য সচিব আৰ ভি চুচিয়াং, আয়ুক্ত আৰু সচিব আৰ লিংডো আৰু সচিব গৃহ আৰু ৰাজনৈতিক চি ভি ডি ডিয়েংডো উপস্থিত আছিল।

    আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘এইটো এটা অতি ফলপ্ৰসূ আলোচনা আছিল। আমি এটা উমৈহতীয়া বুজাবুজিলৈ আহিছো আৰু আমি সীমান্ত বিবাদ সমাধান কৰিবলৈ দৃঢ় আৰু প্ৰতিশ্ৰুতিবদ্ধ’।

    মুখ্যমন্ত্ৰীয়ে লগতে এই ক্ষেত্ৰত অধিক আলোচনা আৰু পৰ্যালোচনা কৰা হ’ব বুলিও কয়।

    মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই অসমৰ মুখ্যমন্ত্ৰী শৰ্মাক সীমাকেন্দ্ৰিক বিবাদ সন্দৰ্ভত আলোচনাৰ বাবে ধন্যবাদ জনায়। তেওঁ লগতে এইটো এটা দীৰ্ঘদিনীয়া অমীমাংসিত সমস্যা সেয়ে সমাধানৰ বাবে কিছু সময় লাগিব বুলি কয়।

    আৰু পঢ়ক : শোকাৱহ; পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ১৯ বছৰীয়া যুৱকে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং