
ৰাজ্য জোঁকাৰি যোৱা অৰ্ণমাই বৰাৰ হত্যাকাণ্ডৰ গোচৰৰ দোষীৰ শাস্তি লাঘৱ হোৱাক লৈ পুনৰ এবাৰ তীব্ৰ বিতৰ্কৰ সূচনা হৈছে অসমত।
ভুক্তভোগীৰ আত্মীয়ৰ লগতে বিৰোধী ৰাজনৈতিক দলৰ লগতে অৰাজনৈতিক দল-সংগঠনে ঘটনাক সহজভাৱে মানি ল’ব পৰা নাই আৰু এই সন্দৰ্ভত অসম আৰক্ষীকে একপ্ৰকাৰ দোষাৰোপ কৰিছে সকলোৱে।
উল্লেখ্য যে অৰ্ণমাই বৰাক বলাৎকাৰ কৰি হত্যা কৰা সন্দৰ্ভত আৰক্ষীয়ে যাৱতীয় তথ্য দাখিল কৰিবলৈ সক্ষম নোহোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ে মূল অভিযুক্তৰ শাস্তি লাঘৱ কৰি ৰায়দান কৰে।
উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে ৰাজ্যজুৰি হোৱা তীব্ৰ বিতৰ্ক সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে উচ্চ ন্যায়ালয়ে দিয়া ৰায়টো মই ভালকৈ পঢ়িম আৰু তাৰ পিছতহে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেয়া বিবেচনা কৰিম।
তেওঁ লগতে প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ এই ৰায়ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলিও আওপকীয়াকৈ মন্তব্য কৰে।
উল্লেখ্য যে, অৰ্ণমাই বৰাৰ হত্যাকাণ্ডৰ গোচৰৰ দোষীৰ শাস্তি লাঘৱ কৰাক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আৰক্ষীৰ তদন্তত ভুল হোৱাৰ কথা স্বীকাৰ কৰিছে।
বুধবাৰে মহন্তই সংবাদ মাধ্যমৰ আগত কৈছিল, ‘অৰ্ণমাই বৰা হত্যাকাণ্ডটো ২০১৭ চনত সংঘটিত হৈছিল। উক্ত ঘটনাৰ দোষীৰ শাস্তি লাঘৱ হোৱাত মই দুখ পাইছো। গোচৰটোত আৰক্ষীয়ে কিছু ধাৰা যোগ কৰা নাছিল। এনে ভুল আৰু কেতিয়াও নকৰো। এই গোচৰটোৰ ৰায় সন্দৰ্ভত আমি প্ৰত্যাহ্বান জনাম’।
উল্লেখ্য যে, ২০১৭ চনত হোজাই জিলাৰ যমুনামুখত অৰ্ণমাই বৰা নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয় ছুটী হোৱাৰ পিছত ঘৰলৈ গৈ থকা অৱস্থাতে আদবাটতে দুৰ্বৃত্তই দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰি কপিলী নদীত উটুৱাই দিছিল।
দেশ জোঁকাৰি যোৱা এই ঘটনা সন্দৰ্ভত ২০১৮ চনৰ ১ আগষ্টত হোজাই জিলা আদালতে হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক ফাঁচী আৰু চেলিম উদ্দিনক যাৱৎজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিছিল।