হোজাইত দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুক লৈ উতপ্ত পৰিস্থিতি

0
2500

হোজাইত দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুক লৈ উতপ্ত পৰিস্থিতি

হোজাইৰ মৰ্কজ একাডেমি স্কুলৰ এজন ছাত্ৰৰ মৃত্যুক লৈ হোজাইত চাঞ্চল্যৰ সৃষ্টি হয়৷ জানিব পৰা মতে মৰানৰ ফাৰহাজ হুচেইন নামৰ ছাত্ৰজন মৰ্কজ একাডেমিত দশম শ্ৰেণীত অধ্যয়নৰত হৈ আছিল।

কিন্তু ছাত্ৰজনক দেওবাৰে সংকটজনক অৱস্থাত হোজাইৰ এখন হাস্পাতাল লৈ নিয়ে যদিও চিকিৎলকে মৃত বুলি ঘোষণা কৰে৷

ইয়াৰ পিছত ছাত্ৰজনৰ হোজাইত থকা আত্মীয়ই হাস্পাতালৰ লগতে স্কুল চৌহদত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে৷ ছাত্ৰ জনৰ কিহৰ বাবে মৃত্যু হ’ল তাকে লৈ স্কুল কৰ্তৃপক্ষ আৰু অভিভাৱকৰ মাজত মত-বিৰোধ হয়।

স্কুল কৰ্তৃপক্ষই দাবী কৰা মতে স্কুলৰ পৰা যোৱা শিক্ষামূলক কাৰ্যসূচীৰ সময়তে এটা মছজিদৰ পুখুৰীত সাতুৰিবলৈ গৈ ফাৰহাজ হুচেইন ডুবি যায় ।

লগে লগে ছাত্ৰজনক স্থানীয় ৰাইজে চিকিৎসালয় লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ইফালে ছাত্ৰজনৰ আত্মীয়ই কৰা অভিযোগ মতে ছাত্ৰজনক হোষ্টেলত মৰিয়াই হত্যা কৰি চিকিৎসালয়ত নিয়ে।

ছাত্ৰজনৰ গাত দাগ থকা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে৷ কিন্তু ছাত্ৰজনৰ কি পৰিস্থিতিত মৃত্যু হয় তাৰ সঠিক কাৰণ জানিব পৰা নাই। ঘটনাস্থলীত ইতিমধ্যে হোজাই আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।