মৰ্মান্তিক পথ দুৰ্ঘটনা; বাছৰ চেপাত মৃত্যুক সাৱটিলে অষ্টম শ্ৰেণীৰ ছাত্ৰই

0
3707

তেজপুৰৰ শিঙৰিজান চেণ্টাৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন অষ্টম শ্ৰেণীৰ ছাত্ৰ নিহত হোৱাৰ খবৰ আহিছে। ৰঙাপৰাৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন বাছৰ চেপাত মৃত্যু হয় ছাত্ৰজনৰ।

জানিব পৰা মতে, এ এছ ১২ ই ০১৯৪ নম্বৰৰ ‘মা কামাখ্যা’ নামৰ যাত্ৰীবাহী বাছখনত কাছমাৰি চাহবাগিছাৰ সমিপৰ পৰা শিঙৰিজান চেণ্টাৰলৈ আহি আছিল ছাত্ৰজন। কিন্তু গন্তব্য স্থান পোৱাৰ পূৰ্বেই বাছখনৰ পৰা পিছলি পৰে ছাত্ৰজন।

পিছলি পৰাত ছাত্ৰজনৰ গাৰ ওপৰেৰে গাড়ীখনৰ চকা উঠি যোৱাত ছাত্ৰজনে কৰুণ মৃত্যুক সাৱটি লয়।

উল্লেখ্য যে, মৃত ছাত্ৰজনক জয়দ্বীপ চাওৰা বুলি চিনাক্ত কৰাৰ লগতে তেওঁ বিন্দুকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়ণ কৰি আছিল। ছাত্ৰজনৰ কৰুণ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে।

ইনপুট : লক্ষ্য জ্যোতি নাথ