গোলাঘাটত জঘন্য ধৰ্ষণ কাণ্ড! শোৱা পাতিৰ পৰা উঠাই নি পঞ্চম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ…

0
449
প্ৰতিনিধিত্বমূলক ছবি

গোলাঘাটত জঘন্য ধৰ্ষণ কাণ্ড! শোৱা পাতিৰ পৰা উঠাই নি পঞ্চম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ…

গোলাঘাট জিলাৰ বৰপথাৰত এক জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। মুখত সোপা দি বলপূর্বক ভাৱে ধৰ্ষণ কৰে
এগৰাকী ছাত্ৰীক ।

বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং প্ৰেমহৰাত সংঘটিত হৈছে এই ঘটনা । উল্লেখ্য যে চন্দন ঠাকুৰ নামৰ লম্পটটোৱে নিশা দেউতাকৰ লগত শুই থকাৰ পৰাই মুখত সোপা দি বলপূর্বক ভাৱে উঠাই লৈ যায় পঞ্চম শ্ৰেণীৰ ছাত্ৰী গৰাকীক।

যুৱক জনে ছাত্ৰী গৰাকীক উঠাই নি পথাৰৰ মাজত ধৰ্ষণ কৰে। ছাত্ৰী গৰাকীক ধৰ্ষণৰ অভিযোগ তুলিছে অভিযুক্তৰ পৰিয়ালৰ লোকে ।

ধৰ্ষণকাৰী চন্দনৰ ঘৰ ২ নং প্ৰেমহৰাত বুলি জানিব পৰা গৈছে । চলিত মাহৰ ২০ জুন তাৰিখে ধৰ্ষণ কাণ্ড সংঘটিত কৰা চন্দনক শুকুৰবাৰে বিয়লি আৰক্ষীয়ে আটক কৰিছে ।

কিশোৰী গৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে লম্পটটোক আটক কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

Input-Dibakar Borah