অতিকৈ শোকাৱহ! শিক্ষকৰ প্ৰহাৰত প্ৰাণ গ’ল দশম শ্ৰেণীৰ ছাত্ৰৰ

0
2659

অতিকৈ শোকাৱহ! শিক্ষকৰ প্ৰহাৰত প্ৰাণ গ’ল দশম শ্ৰেণীৰ ছাত্ৰৰ

উত্তৰ প্ৰদেশৰ আউৰিয়াৰ পৰা এটা হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে। দশম শ্ৰেণীৰ এজন ছাত্ৰ শিক্ষকৰ প্ৰহাৰৰ ফলত ম়ত্যু হয়।

দৰাচলতে আচলদাৰ আদৰ্শ ইণ্টাৰ কলেজৰ দশম শ্ৰেণীৰ ছাত্ৰ নিখিলে সামাজিক বিজ্ঞান পৰীক্ষাত কিবা ভুল লিখিছিল। সেই কথাটোতে শিক্ষক অশ্বনী সিঙৰ ইমান খং উঠিছিল যে তেওঁৰ নিখিলক তীব্ৰভাৱে প্ৰহাৰ কৰে।

ঘটনাটো ৭ ছেপ্তেম্বৰত সংঘটিত হৈছিল। শিক্ষক জনে নিখিলক প্ৰহাৰ কৰাৰ ফলত বিদ্যালয়তে নিখিলৰ স্বাস্থ্যৰ অৱনতি ঘটে।

স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত নিখিলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । কিন্তু চিকিৎসাধীন অৱস্থাতে
২৪ তাৰিখে নিখিলৰ মৃত্যু হয়।

এই সন্দৰ্ভত নিখিলৰ পিতৃ ৰাজু দোহৰে আচলদা আৰক্ষী থানাত শিক্ষক জনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। ৰাজু দোহৰে শিক্ষকজনৰ বিৰুদ্ধে চিকিৎসাত সহযোগিতা নকৰাৰ লগতে তেওঁৰ পুত্ৰক শাৰীৰিক উৎপীড়নৰ বাবে গোচৰ ৰুজু কৰিছে।